চিটাৰা ডেস্ক, 22 আগষ্ট: বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক লৈ এক অদ্ভুত বক্তব্য দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী বিজয় কুমাৰ গাভিট ৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে ৷ জনজাতি পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে এতিয়া কৈছে যে ঐশ্বৰ্য ৰায় বচ্চন তেওঁৰ কন্যাৰ দৰে । গাভিটে দাবী কৰে যে মাছৰ বিষয়ে তেওঁ দিয়া বক্তব্যক বিকৃত কৰি প্ৰচাৰ কৰা হৈছে ৷
বিজয় কুমাৰ গাভিটে সোমবাৰে কৈছিল যে ঐশ্বৰ্য ৰায় বচ্চনে মাছ খায়, সেইবাবেই অভিনেত্ৰীগৰাকীৰ চকুজুৰি ইমান ধুনীয়া । সেই সময়ছোৱাত বিজয় কুমাৰ গাভিটে সেই স্থানত উপস্থিত থকা ৰাইজক উপদেশ দিছিল যে যদি আপোনালোকেও মাছ খায়, তেতিয়াহ’লে আপোনাৰো চকু ঐশ্বৰ্য ৰায়ৰ দৰে সুন্দৰ হৈ পৰিব । ইয়াৰ পিচতে গাভিটৰ এই বক্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু এই বক্তব্যক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ তেওঁৰ এই বক্তব্যক লৈ বহু বিৰোধী নেতাই তেওঁক সমালোচনা কৰে । সৃষ্টি হোৱা প্ৰতিক্ৰিয়া দেখি বিজয় কুমাৰ গাভিটে এতিয়া এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰিছে ৷
মঙলবাৰে গাভিটে কয় যে মোৰ বক্তব্য বিকৃত কৰা হৈছে । ঐশ্বৰ্য ৰায় মোৰ ছোৱালীৰ দৰে । মই জনজাতীয় লোকসকলক মাছৰ তেলৰ উপকাৰিতাৰ কথা কৈ আছিলো । তেওঁ কয় যে মাছ স্বাস্থ্যৰ বাবে উপকাৰী ।
ৰাজ্যিক মহিলা আয়োগে উত্তৰ বিচাৰিলে মন্ত্ৰীগৰাকীৰ পৰা
বিজয় কুমাৰ গাভিটৰ বক্তব্যক লৈ বিতৰ্ক ইমানেই বৃদ্ধি পালে যে মহাৰাষ্ট্ৰ মহিলা আয়োগে তেওঁক জাননী দি উত্তৰ বিচাৰিছে এই সন্দৰ্ভত । ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰূপালী চকনকাৰে গাভিটক তিনিদিনৰ ভিতৰত তেওঁৰ বক্তব্য সন্দৰ্ভত ব্যাখ্যা দাখিল কৰিবলৈ কয় । বিজয়ৰ এই বক্তব্যৰ সন্দৰ্ভত বিজেপিৰ বিধায়ক নিতেশ ৰাণে কয় যে এই সন্দৰ্ভত গাভিটক সুধিব যে কোনো গৱেষণা হৈছে নেকি ।
বিজয় কুমাৰ গাভিটে কৈছিল, “যিসকলে দৈনিক মাছ খায়, তেওঁলোকৰ ছাল কোমল হৈ পৰে আৰু চকু দুটা জিলিকিবলৈ আৰম্ভ কৰে । কোনোবাই যদি আপোনাক দেখে তেন্তে তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত হয় ৷ মই আপোনাক ঐশ্বৰ্য ৰায়ৰ কথা কৈছিলো নেকি ? মেংগালুৰুত ঐশ্বৰ্য বসবাস কৰিছিল আৰু দৈনিক মাছ খাইছিল । ঐশ্বৰ্যৰ চকু দুটা দেখিছেনে ? আপোনাৰ চকু দুটাও তেওঁৰ দৰে হ’ব পাৰিব যদিহে আপুনি মাছ খায় ।
লগতে পঢ়ক: Sunny Deol: বেংক অৱ বৰোদাৰ সম্পত্তিৰ নিলামৰ জাননী সন্দৰ্ভত ছানী দেওলে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া