ETV Bharat / entertainment

নাতি অগস্ত্য নন্দাই অমিতাভ বচ্চনৰ জনপ্ৰিয়তাৰ কথা কেতিয়া আৰু কেনেকৈ গ’ম পালে ? - Agastya On Amitabh Bachchan

Agastya On Amitabh Bachchan Popularity: অগস্ত্য নন্দাই স্বীকাৰ কৰে যে তেওঁ ককাক অমিতাভৰ জনপ্ৰিয়তাৰ বিষয়ে পূৰ্বে জনা নাছিল । তেওঁ কয় যে দিল্লীৰ স্কুললৈ অহাৰ পিচতে তেওঁ ককাকৰ জনপ্ৰিয়তা উপলব্ধি কৰিছিল ৷

Agastya Nanda Didn't Know About Amitabh Bachchan's Popularity Until He Visited His School
নাতিয়েকে জনা নাছিল অমিতাভৰ জনপ্ৰিয়তাৰ কথা
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 3:42 PM IST

চিটাৰা ডেস্ক, ১৪ জানুৱাৰী: মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাই শেহতীয়াকৈ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছে । জোয়া আখতাৰৰ ছবিৰ জৰিয়তে বলীউডৰ যাত্ৰা আৰম্ভ কৰিছে অগস্ত্যই । প্ৰথমখন ছবি ‘দ্য আৰ্চিছ’ত তেওঁৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰিছে দৰ্শকে । অৱশ্যে শেহতীয়াকৈ অগস্ত্যই স্বীকাৰ কৰিছে যে তেওঁ জনা নাছিল যে তেওঁৰ মাতৃৰ দেউতাক অৰ্থাৎ ককাক অমিতাভ বচ্চন ইমান জনপ্ৰিয় বুলি ।

অমিতাভ বচ্চনৰ জনপ্ৰিয়তা কেতিয়া উপলব্ধি কৰিলে অগস্ত্যই ?

শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ এই কথা স্বীকাৰ কৰিছে । অগস্ত্যই কয়, ‘‘ককাৰ জনপ্ৰিয়তা মই তেতিয়া উপলব্ধি কৰিছিলো, যেতিয়া তেওঁ মোৰ দিল্লীৰ স্কুললৈ আহিছিল ।’’

অগস্ত্যই সাক্ষাৎকাৰটোত কৈছিল, ‘‘মোৰ পৰিয়ালত কামৰ বিষয়ে আলোচনা নহয় । ককাই কেতিয়াও ঘৰত কামৰ কথা কোৱা নাছিল । গতিকে সকলো মোৰ বাবে বৰ স্বাভাৱিক যেন আছিল । মই ভাবিছিলো তেওঁ এজন স্বাভাৱিক মানুহ । কিন্তু এদিন তেওঁ মোৰ স্কুললৈ আহিছিল আৰু তেতিয়া মই উপলব্ধি কৰিছিলো যে তেওঁ কিমান বিখ্যাত । এবাৰ দিল্লীৰ স্কুলত ককা-আইতা দিৱস অনুষ্ঠিত হৈছিল, তেতিয়া মোৰ ককা তালৈ আহিছিল । মোৰ স্কুললৈ অহাৰ লগে লগে মানুহবোৰ উৎকণ্ঠিত হৈ পৰিছিল তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ ৷ তেতিয়াহে মই তেওঁৰ জনপ্ৰিয়তাৰ কথা বুজিলোঁ ৷ তাৰ পিচত যেতিয়া মই তেওঁৰ চিনেমা চাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া বুজিলোঁ যে তেওঁ কিমান ডাঙৰ অভিনেতা ।’’

উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তি পাইছিল দ্য আৰ্চিছ । ইয়াৰ পিচতে দেওবাৰে অমিতাভ বচ্চনৰ সৈতে দেখা গৈছিল অগস্ত্য নন্দাক । দৰাচলতে বহু বছৰৰ পৰাই প্ৰত্যেক দেওবাৰে ভিন্ন স্থানৰ পৰা অনুৰাগী বিগ বিৰ ঘৰৰ বাহিৰত ভিৰ কৰেহি, তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ ৷ ইফালে প্ৰত্যেকবাৰে অকলেই তেওঁ ঘৰৰ বাহিৰত অনুৰাগীক অভিবাদন জনাই যদিও শেহতীয়াকৈ নাতি অগস্ত্যৰ সৈতে অনুৰাগীক সাক্ষাৎ কৰিবলৈ আহিছিল ৷

তেওঁ নিজৰ অফিচিয়েল একাউন্টত ককা-নাতিৰ মুহূৰ্তৰ কিছু ফটো পোষ্ট কৰিছিল । অমিতাভে লিখিছিল- মানুহে সদায় মূলধনতকৈ সুতক বেছি গুৰুত্ব দিয়ে...এই উত্তৰাধিকাৰ জীয়াই আছে । পিতৃৰ পৰা পুত্ৰলৈ, পুত্ৰৰ পৰা পুত্ৰলৈ আৰু তাৰ পিচত নাতিলৈ ।

অগস্ত্য অমিতাভ বচ্চনৰ কন্যা শ্বেতা বচ্চন আৰু নিখিল নন্দাৰ পুত্ৰ । বচ্চন পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ অভিনেতা অগস্ত্য । দ্য আৰ্চিজ ছবিখনৰ জৰিয়তে এই উদ্যোগত প্ৰৱেশ কৰিছে অগস্ত্য । এই ছবিখন নিৰ্মাণ কৰিছে জোয়া আখতাৰে ।

লগতে পঢ়ক: ‘দ্য আৰ্চিজ’ৰ মুক্তিৰ মাজতে ককা অমিতাভ বচ্চনৰ পৰা অগস্ত্য নন্দাই লাভ কৰিলে শুভেচ্ছা বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.