ETV Bharat / entertainment

লাল সিং চাড্ডাৰ ব্যৰ্থতাৰ বাবে ভুল স্বীকাৰ কৰি অনুৰাগীৰ ওচৰত ক্ষমা আমীৰৰ - বয়কটবলীউড ট্ৰেণ্ড

লাল সিং চাড্ডাৰ বিফলতাৰ পিছত আমীৰ খানে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰি এটা ভিডিঅ’ পোষ্ট কৰিছে (Aamir Khan latest video)। ইয়ে অনুৰাগীসকলৰ লগতে নেটিজেনসকলৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । বয়কটবলীউড ট্ৰেণ্ডৰ বাবে তেওঁৰ ছবিখন ব্যৰ্থ হয় বুলি গণ্য কৰিব পাৰি (Lal Singh Chadha)।

Aamir Khan
অনুৰাগীৰ ওচৰত ক্ষমা আমীৰৰ
author img

By

Published : Sep 2, 2022, 1:59 PM IST

চিটাৰা ডেস্ক, 2 ছেপ্তেম্বৰ : - চুপাৰষ্টাৰ আমীৰ খানে আমীৰ খান প্ৰডাকচনৰ ইনষ্টাগ্ৰাম পেজত এটা ক্ষমাপ্ৰাৰ্থনাৰ ভিডিঅ’ আপলোড কৰাৰ পিছতে নেটিজেনসকলৰ মাজত হুৱাদুৱা লাগে ৷ ভিডিঅ’ ক্লিপটোৰ আৰম্ভণিতে ‘MICHAMI DUKKADUM’ শব্দটো দেখিবলৈ পোৱা গৈছে যাৰ অৰ্থ হৈছে ‘যি অশোভনীয় কাৰ্য্য হৈছে সেইয়া সকলো অসাৰ হওক’ ।

ভিডিঅ’টোত থকা ব্যাখ্যা এনেধৰণৰ... "আমি সকলো মানুহ আৰু ভুল আমাৰ হাততেই হয় । কেতিয়াবা কথাৰে আৰু কেতিয়াবা আমাৰ কাৰ্য্যৰে, কেতিয়াবা ধেমালি নতুবা কেতিয়াবা খঙেৰে অজানিতে আমি কাৰোবাক আঘাত দিও ৷ মই যদি আপোনালোকৰ মনত আঘাত দিছো তেন্তে মনৰ পৰা ক্ষমা বিচাৰিছো" ৷ ভিডিঅ’ ক্লিপটোৰ বেকগ্ৰাউণ্ড মিউজিকত বাজিছে শ্বাহৰুখৰ হিট গান কল হো না হো ৷

পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে, "দেখাত কোনোবাই তেওঁৰ একাউণ্টটো হেক কৰা যেন অনুমান হয় । "লাল সিং চাড্ডাৰ ব্যৰ্থতাৰ বাবে এটা ক্ষমাপ্ৰাৰ্থনা?" এইদৰে লিখিলে আন এজনে । আমীৰৰ ‘লাল সিং চাড্ডা’ ছবিখন বক্স অফিচত ব্যৰ্থ হোৱাৰ কিছুদিন পিছতে এই পোষ্টটো প্ৰকাশ পাইছে ।

বিগত সময় কিছুমানত আমীৰে দিয়া বিতৰ্কিত মন্তব্যসমূহ ছবিখনৰ মুক্তিৰ পূৰ্বে ভাইৰেল হৈ আছিল ৷ ছবিখন মুক্তিৰ পূৰ্বে এই কাৰ্যই ছবিখন আৰু ইয়াৰ অভিনেতা-অভিনেত্ৰীসকলক বিপাঙত পেলাছিল ৷ বয়কটবলীউড ট্ৰেণ্ডৰ লক্ষ্যলৈ আহিছিল লাল সিং চাড্ডা ছবিখন (boycott bollywood) ৷

লগতে পঢ়ক : বলীউড তাৰকা সকলে অতি ধুমধামেৰে উদযাপন কৰিলে গণেশ চতুৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.