ETV Bharat / entertainment

Adipurush Controversy: মুম্বাই আৰক্ষীৰ পৰা সুৰক্ষা বিচাৰিলে আদিপুৰুষৰ লেখক মনোজ মুন্টাশ্বিৰে

author img

By

Published : Jun 19, 2023, 9:25 PM IST

আদিপুৰুষক লৈ দেশজুৰি অব্যাহত আছে বিৰূপ প্ৰতিক্ৰিয়া ৷ আচলতে ছবিখনত দেখুওৱা সংলাপৰ তীব্ৰ বিৰোধিতা কৰিছে দেশবাসীয়ে। ইফালে ছবিখনৰ লেখক মনোজ মুন্টাশ্বিৰে আৰক্ষীক নিৰাপত্তাৰ দাবী জনাইছে।

Adipurush dialogue writer Manoj Muntashir seeks security from Mumbai Police amid backlash
নোজ মুন্টাশ্বিৰে আৰক্ষীক নিৰাপত্তাৰ দাবী জনাইছে

চিটাৰা ডেস্ক, 19 জুন: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ ছবি ‘আদিপুৰুষ’ক লৈ অব্যাহত আছে বিতৰ্ক ৷ ছবিখনৰ কাহিনী আৰু ইয়াত দেখুওৱা সংলাপক লৈ সমগ্ৰ দেশতে ছবিখনৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ ৷ এই বিতৰ্কৰ মাজতে এতিয়া ছবিখনৰ লেখক মনোজ মুন্টাশ্বিৰে মুম্বাই আৰক্ষীৰ পৰা নিজৰ বাবে নিৰাপত্তাৰ দাবী জনাইছে । এনে পৰিস্থিতিত নিজৰ জীৱনলৈ বিপদৰ আশংকা প্ৰকাশ কৰিছে মনোজে । সম্প্ৰতি মুম্বাই আৰক্ষীয়ে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি তেওঁক নিৰাপত্তা প্ৰদান কৰিছে । জানিব পৰা মতে আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়া অব্যাহত ৰাখিছে তদন্ত ।

ছবিখনৰ সংলাপক লৈ দেশজুৰি সৃষ্টি হৈছে বিতৰ্ক

প্ৰভাস, কৃতি সেনন আৰু ছৈইফ আলী খানৰ অভিনীত ছবি ‘আদিপুৰুষ’ যোৱা শুকুৰবাৰে অৰ্থাৎ ১৬ জুনত ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিছে । এফালে ছবিখনে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছে। আনহাতে, দৰ্শকেও তীব্ৰ সমালোচনা কৰিছে ছবিখনক । ছবিখনত দেখুওৱা সংলাপক লৈ সমগ্ৰ দেশতে সৃষ্টি হৈছে বিতৰ্কৰ ৷ ইয়াৰ লগতে ছবি নিৰ্মাতাসকলৰ বিৰুদ্ধে হিন্দু আৱেগক আঘাত দিয়াৰ অভিযোগো উত্থাপন হৈছে । সেইবাবেই ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে দেশজুৰি । উল্লেখ্য যে এই ছবিখন পৰিচালনা কৰিছে ওম ৰাউতে ।

কোনবোৰ সংলাপে সৃষ্টি কৰিছে বিতৰ্কৰ জানি লওক

1) ছবিখনত যেতিয়া হনুমানে সীতা মাক লগ কৰিবলৈ লংকালৈ যায়, তেতিয়া এজন অসুৰে তেওঁক দেখি কয়, "য়ে লংকা ক্য়য়া তেৰী বুয়া কা বাগিচা হে, জো হাৱা খানে চলা আয়া"।

২) ইয়াৰ বাহিৰেও যেতিয়া হনুমান জীয়ে এটা দৃশ্যত লংকালৈ আহে, তেতিয়া তেওঁৰ নেগুৰত জুই লগাই দি মেঘনাথে তেওঁক প্ৰশ্ন কৰে, জলি ? যাৰ উত্তৰত হনুমানে কয়, "তেল তেৰে বাপ কা, কপড়া তেৰে বাপ কা, অৰ জলেগি ভি তেৰে বাপ কি ৷ "

৩) ইয়াৰ পিচত হনুমান যেতিয়া তাৰ পৰা উভতি আহে তেতিয়া ৰামে তাৰ পৰাই ঠাইখনৰ সম্পৰ্কে অৱগত হয়। যাৰ উত্তৰত হনুমানে কৈছে যে – ওনকৌ বৌল দিয়া গয়া হে কি জো হামাৰি বেহনোকো হাথ লাগায়েগা, ওনকি লংকা লগা দেংগে ৷

লগতে পঢ়ক: Adipurush: সলনি হ’ব আদিপুৰুষৰ সংলাপ; বিতৰ্কৰ মাজতে ছবি নিৰ্মাতাই ল’লে সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.