ETV Bharat / entertainment

OIFFA 2023: অট’ৱা ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ফুটপ্ৰিণ্টছ অন ৱাটাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আদিল হুছেইনলৈ

author img

By

Published : Jun 19, 2023, 11:05 AM IST

অট’ৱা ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত আদিল হুছেইনেলৈ লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ৷ ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰৰ’ ছবিখনত ব্যতিক্ৰমী অভিনয় আৰু চৰিত্ৰৰ অসাধাৰণ চিত্ৰণৰ বাবে অভিনেতাগৰাকীয়ে লাভ কৰে এই সন্মান ৷

Adil Hussain wins best actor award at Ottawa Indian Film Festival for Footprints on Water
ফুটপ্ৰিণ্টছ অন ৱাটাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আদিল হুছেইনেলৈ

চিটাৰা ডেস্ক, 19 জুন: অসমৰ গৌৰৱ আদিল হুছেইনে নিজৰ উৎকৃষ্ট অভিনয়ৰে কেৱল ভাৰততেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কেইবাটাও সন্মান লাভ কৰিছে ৷ এইবাৰ পুনৰ অভিনেতাগৰাকীয়ে লাভ কৰিলে আন এক সন্মান ৷ ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ ছবিৰ বাবে কানাডাত অনুষ্ঠিত হোৱা অট’ৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হয় অভিনেতাগৰাকীক ৷

আদিলৰ হুছেইনৰ অভিনীত এই ছবিখনত ব্যতিক্ৰমী অভিনয় আৰু চৰিত্ৰৰ অসাধাৰণ চিত্ৰণৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হয় । বঁটা লাভ কৰাৰ পিচত অসমত সন্তানগৰাকীয়ে এটা টুইটযোগে অট’ৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলক ধন্যবাদ জনায় ৷

উল্লেখ্য যে, অট’ৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল বঁটাৰ টুইটাৰ একাউন্টৰ পৰা এটা টুইট শ্বেয়াৰ কৰিছিল ৷ টুইটাৰ হেণ্ডেলত লিখিছে, ‘সজ্জিত অসমীয়া থেস্পিয়ান আদিল হুছেইনে নাথালিয়া ছ্যামৰ ফুটপ্ৰিণ্টছ অন ৱাটাৰত আৰ্থিক আৰু পাৰিবাৰিক ধ্বংসৰ মুখত পৰা পিতৃ হিচাপে শক্তিশালী, সহানুভূতিশীল অভিনয়ৰ বাবে BEST ACTOR বঁটা লাভ কৰে । #OIFFA2023 #adilhussain #myottawa #চলচ্চিত্ৰ উৎসৱ

ইয়াৰ পিচত আদিল হুছেইনে এই টুইটটো ৰিটুইট কৰি কয়, #FootPrintsOnWater ত মোৰ অভিনয়ৰ বাবে #BestActorAward ৰ বাবে #OttawaIndianFilmFestival লৈ বহুত বহুত ধন্যবাদ। পৰিচালকৰ ওচৰত মই ঋণী @নাথালিয়াছ্যাম লেখক @neethasyam আৰু প্ৰযোজক @MohaanNadaar

নাথালিয়া স্যামৰ পৰিচালনাত নিৰ্মিত ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ নামৰ ইংৰাজী ছবিখনত আদিল হুছেইন, নিমিছা সজয়ন, লেনা আৰু ডেনি ছুৰাকে ধৰি অভিনেতাসকলে মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰিছে।

উল্লেখ্য যে অট’ৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল হৈছে ৰাষ্ট্ৰীয় ৰাজধানী আৰু ইষ্টাৰ্ণ কানাডাৰ ভাৰতীয় চিনেমা আৰু ভাৰতীয় সকলো বস্তুৰ প্ৰতি উৎসৰ্গিত আটাইতকৈ বিশিষ্ট উৎসৱ ৷ ইয়াত বহু ধৰণৰ ভাৰতীয় ছবিৰ সাধাৰণ পাঁচদিনীয়া প্ৰতিযোগিতামূলক প্ৰদৰ্শনীৰে আয়োজন কৰা হয় ৷ য’ত থাকে ৰোষ্টাৰ অৱ ইভেণ্ট, বিশেষ প্ৰদৰ্শনী, প্ৰতিযোগিতা, প্ৰশ্নোত্তৰ অধিবেশন আৰু কৰ্মশালা ।

লগতে পঢ়ক: Adipurush: আদিপুৰুষ আৰু প্ৰভাসৰ সমালোচনা কৰি বিপদক যুৱক, ছবিগৃহৰ বাহিৰতে গণ প্ৰহাৰ যুৱকজনক, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.