ETV Bharat / entertainment

জালিয়াতিৰ গোচৰত মৌনতা ভংগ কৰিলে ৰজনীকান্তৰ পত্নীয়ে

Kochadaiiyaan case : ছুপাৰষ্টাৰ ৰজনীকান্তৰ পত্নী লতা ৰজনীকান্তৰ বিৰুদ্ধে এটা বিজ্ঞাপন প্ৰতিষ্ঠানে দাখিল কৰা জালিয়াতিৰ গোচৰত বেংগালুৰু আদালতত হাজিৰ হয় । লতাই কয় যে চেলিব্ৰিটি হোৱাৰ বাবে কেতিয়াবা কেতিয়াবা সমস্যাৰ সন্মুখীন হ’ব লগা হয় ।

লতা ৰজনীকান্তৰ জামিন
author img

By ANI

Published : Dec 27, 2023, 2:19 PM IST

Updated : Dec 27, 2023, 4:32 PM IST

চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ ৰজনীকান্ত তেওঁৰ ছবিৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামাত থাকে । অভিনেতাগৰাকীৰ সৈতে জড়িত সকলো কথা জানিব বিচাৰে অনুৰাগীয়ে । অৱশ্যে এইবাৰ চৰ্চাত আহিছে ৰজনীকান্তৰ পত্নী লতা ৰজনীকান্ত । তামিল ছবি ‘কোচাদায়া’ৰ সৈতে জড়িত জালিয়াতিৰ গোচৰটো ইতিমধ্যে বাতিল কৰিছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৷ কিন্তু যোৱা অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ে এই গোচৰটো পুনৰ প্ৰৱৰ্তন কৰিছিল । অৱশ্যে লতা ৰজনীকান্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তেওঁ স্পষ্টভাৱে অস্বীকাৰ কৰিছে । এই ঘটনাৰ আঁৰৰ গোটেই কাহিনীটো জানো আহক ৷

লতাই নাকচ কৰিলে এই অভিযোগ

লতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰি লতাই কয়, ‘‘মোৰ বাবে এয়া এজন জনপ্ৰিয় ব্যক্তিক অপমান, হাৰাশাস্তি আৰু শোষণৰ গোচৰ । চেলিব্ৰিটি হোৱাৰ বাবে বহু সময়ত আমি কিছু হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগে । কথাটো ডাঙৰ নহ’বও পাৰে, কিন্তু বাৰে বাৰে সংবাদ মাধ্যমত অহাৰ লগে লগে খবৰটো এনেই ডাঙৰ হৈ পৰে । কোনো ধৰণৰ প্ৰৱঞ্চনা হোৱা নাই । এইটো আছিল মাথোঁ আমাৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ৰচনা কৰা ষড়যন্ত্ৰ, যাৰ পৰা মই মুক্তি পাইছো ।’’

  • #WATCH | On a cheating case filed against her, wife of Superstar Rajinikanth, Latha Rajinikanth says, "For me, it's a case of humiliation and harassment and exploitation of a popular person. This is the price we pay for being celebrities. So there may not be a big case, but the… pic.twitter.com/oIzOQUZDYK

    — ANI (@ANI) December 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

২০১৫ চনৰ পৰাই এই গোচৰ চলি আছিল

উল্লেখ্য যে, ২০১৫ চনত চেন্নাইৰ এটা বিজ্ঞাপন প্ৰতিষ্ঠানে লতা ৰজনীকান্তৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল । অভিযোগকাৰীয়ে দাবী কৰে যে তেওঁ ছবিখনৰ অন্যতম প্ৰযোজক মিডিয়াৱান গ্ল’বেল এণ্টাৰটেইনমেণ্ট লিমিটেডক ১০ কোটি টকা ঋণ দিছিল ।

অভিযোগকাৰীয়ে অভিযোগ কৰিছিল যে এই ক্ষেত্ৰত লতা ৰজনীকান্তে জামিনদাৰ হিচাপে চহী কৰিছিল । অৱশ্যে লতাই কয়, ‘‘যি টকাৰ কথা কোৱা হৈছে, সেই টকাৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই ।’’

লতা ৰজনীকান্তৰ জামিন

এতিয়া এই গোচৰত লতা ৰজনীকান্ত মহানগৰ দণ্ডাধীশ আদালতত হাজিৰ হয়, য’ত তেওঁক ১ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু ২৫ হাজাৰ টকাৰ নগদ ধন জমা কৰাৰ পিচত জামিন দিয়া হয় । খোদ অক্টোবৰ মাহত এই গোচৰত লতা ৰজনীকান্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ পুনৰ প্ৰৱৰ্তন কৰিছিল উচ্চতম ন্যায়ালয়ে ।

লগতে পঢ়ক: গোপনে প্ৰেমিক শান্তনুৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল নেকি শ্ৰুতি হাছান ? অৰীয়ে প্ৰকাশ কৰিলে এই কথা

Last Updated : Dec 27, 2023, 4:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.