চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: সোমবাৰে গোটেই দেশজুৰি উদযাপন কৰা হয় বৰদিন ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় বলীউডৰ চেলিব্ৰিটিসকলো ৷ চেলিব্ৰিটিসকলে আড়ম্বৰেৰে উদযাপন কৰিছে বৰদিনৰ উৎসৱ । কোনোবাই যদি বন্ধু-বান্ধুৱীৰ সৈতে বৰদিন উদযাপন কৰিছে, আন কোনোবাই আকৌ পৰিয়ালৰ সৈতে এই দিৱস পালন কৰিছে, যাৰ ছবি চেলিব্ৰিটিসকলে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । ইফালে ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীৰ বাসগৃহতো বৰদিন উদযাপনৰ আয়োজন কৰা হৈছিল । য’ত খ্ৰীষ্টান সম্প্ৰদায়ৰ বহু লোক উপস্থিত হৈছিল । এই সকলোবোৰৰ লগতে বলীউডৰ অভিনেতা ডিনো ম’ৰিয়াও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । ডিনোৱে এই অনুষ্ঠানৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।
ডিনোৱে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পতাৰ ফটো শ্বেয়াৰ কৰিছে । এই ফটোসমূহৰ লগতে অভিনেতাগৰাকীয়ে এটা কেপচনো লিখিছে । য’ত তেওঁ বৰদিনৰ দুপৰীয়াৰ আহাৰক আটাইতকৈ বিশেষ বুলি অভিহিত কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনালে অভিনেতাগৰাকীয়ে
ডিনো ম’ৰিয়াই ছ’চিয়েল মিডিয়াত বহুকেইখন ফটো শ্বেয়াৰ কৰিছে । ফটোবোৰ শ্বেয়াৰ কৰি ডিনোৱে লিখিছে – এইবাৰৰ বৰদিনৰ দুপৰীয়াৰ আহাৰ বৰ ধুনীয়া আছিল । প্ৰিয় সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৰদিনৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে আমাক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ । আপোনাক লগ পোৱা আৰু আপোনাৰ কথা শুনা আৰু আপুনি কিমান দয়ালু সেইটো উপলব্ধি কৰাটো সঁচাকৈয়ে স্মৰণীয় আছিল । ধন্যবাদ ছাৰ ।
ব্যৱহাৰকাৰীৰ মন্তব্য
ডিনো ম’ৰিয়াৰ পোষ্টটোত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে নিজৰ মতামত শ্বেয়াৰ কৰিছে । অনুৰাগীয়ে জনালে বৰদিনৰ শুভেচ্ছা । এজন অনুৰাগীয়ে লিখিছে – বাহ, ক্যায়া বাত হে । আনহাতে আন এজনে লিখিছে- মেৰী খ্ৰীষ্টমাছ ডিনো । বহু অনুৰাগীয়ে ডিনোৰ পোষ্টত হাৰ্ট ইমোজিও পোষ্ট কৰিছে ।
ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ডিনো ম’ৰিয়াক শেষবাৰৰ বাবে দেখা গৈছিল তেলুগু ছবি এজেণ্টত । এই ছবিখন যোৱা বছৰৰ এপ্ৰিল মাহত মুক্তি পাইছিল । ছবিখনৰ জৰিয়তে বহুদিনৰ মূৰত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ডিনো ।
লগতে পঢ়ক: পত্নী হেমা মালিনী-দুই কন্যাৰ সৈতে হাঁহি হাঁহি পোজ দিলে ধৰ্মেন্দ্ৰই