ETV Bharat / entertainment

Ayush Sharma Birthday: মালদ্বীপত পত্নী-সন্তানৰ সৈতে জন্মদিন উদযাপন কৰিলে ছলমানৰ ভনী জোৱাই আয়ুষ শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 11:53 AM IST

পত্নী অৰ্পিতা খান আৰু সন্তানৰ সৈতে জন্মদিন উদযাপন কৰিবলৈ মালদ্বীপলৈ গ’ল অভিনেতা আয়ুষ শৰ্মা । য’ৰ পৰা এতিয়া আয়ুষৰ জন্মদিন উদযাপনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Aayush Sharma celebrated dreamy birthday bash in Maldives with family
আয়ুষ শৰ্মাৰ জন্মদিন

চিটাৰা ডেস্ক, ২৭ অক্টোবৰ : ছলমান খানৰ ভনী জোৱাই আয়ুষ শৰ্মাই বৃহস্পতিবাৰে ৩৩ সংখ্যক জন্মদিন উদযাপন কৰিছে । এই উপলক্ষে আয়ুষক বলীউডৰ বহু চেলিব্ৰিটি আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ জন্মদিন উপলক্ষে অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ৰুছলানৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছিল, যাৰ বাবে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । এই সকলোবোৰৰ মাজতে পত্নী অৰ্পিতা খান আৰু সন্তানৰ সৈতে জন্মদিন উদযাপন কৰিবলৈ মালদ্বীপলৈ গৈছে অভিনেতাগৰাকী ৷ মালদ্বীপৰ পৰা এতিয়া আয়ুষৰ জন্মদিন উদযাপনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

মালদ্বীপত পৰিয়ালৰ সৈতে আয়ুষ শৰ্মাই উদযাপন কৰিলে জন্মদিন

যোৱা ২৬ অক্টোবৰত বলীউডৰ অভিনেতা আয়ুষ শৰ্মাই ৩৩ সংখ্যক জন্মদিন উদযাপন কৰিছে । অভিনেতাগৰাকীয়ে মালদ্বীপত পত্নী অৰ্পিতা খান শৰ্মা আৰু তেওঁলোকৰ দুটি সন্তানৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰিছে ।

অভিনেতাগৰাকীয়ে নিজৰ জন্মদিন উদযাপনৰ আভাস নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত শ্বেয়াৰ কৰিছে । পোষ্টটোৰ আৰম্ভণিতে এখন ছবি শ্বেয়াৰ কৰিছে, য’ত দেখা গৈছে তেওঁলোকৰ সৰু সুখী পৰিয়ালৰ আভাস ৷ য’ত সকলোৱে হাঁহি থকা পৰিলক্ষিত হৈছে ৷ পৰৱৰ্তী ফটোখনত মাটিত লাইটেৰে লিখা আছিল Happy Birthday Ayush । তৃতীয় ছবিখনত অৰ্পিতা-আয়ুষক ইগৰাকীয়ে সিগৰাকীৰ চকুলৈ ৰোমান্টিকভাৱে চাই থকা দেখা গৈছে । চতুৰ্থটো আছিল এটা ভিডিঅ’, য’ত অভিনেতাজনে কেক কাটি থকা দেখা গৈছে । ভিডিঅ’টোত তেওঁৰ সন্তান আৰু পত্নীয়ে জন্মদিনৰ গীত গাই থকাৰ সময়তে অভিনেতাজনে কেক কাটে । আনহাতে, শেষৰটো ভিডিঅ’ত আয়ুষে পত্নী আৰু পুত্ৰক সাৱটি ধৰি চুমা খোৱা দেখা যায় ৷

'ৰুছলান' ছবিখনৰ বিষয়ে

আয়ুষ শৰ্মাই জন্মদিনক আৰু অধিক বিশেষ কৰি তুলিবলৈ তেওঁৰ আগন্তুক ছবি ৰুছলানৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল । জন্মদিনৰ শুভেচ্ছা আৰু পোষ্টাৰখনে লাভ কৰা মৰমৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এই পোষ্টৰ কেপচনত লিখিছে, "ভাগ্যৱান সেইজন যিয়ে জন্মদিনত ইমান মৰম পায় । আপোনালোক সকলোৰে মেছেজ পঢ়িছো, মোক আৰু ৰুছলানৰ পোষ্টাৰখনক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ । এই জন্মদিনটো বৰ বিশেষ আছিল কাৰণ মই চহৰৰ হুলস্থুলৰ পৰা আঁতৰত মোৰ মৰমিয়াল পৰিয়ালটোৰ সৈতে জন্মদিন উদযাপন কৰিছো ৷ আপোনাৰ মৰমেৰে ইয়াক আৰু অধিক বিশেষ কৰি তুলিছে । এতিয়া অপেক্ষা ১২ জানুৱাৰী, ২০২৪ #ৰুছলান” ৷

ইয়াৰ পূৰ্বে আয়ুষে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত তেওঁৰ পৰৱৰ্তী একচন-থ্ৰিলাৰ ছবি ‘ৰুছলান’ৰ বিষয়ে সবিশেষ শ্বেয়াৰ কৰিছিল । পোষ্টাৰখনত আঘাতপ্ৰাপ্ত আয়ুষক গীটাৰ আৰু বন্দুক লৈ থকা দেখুওৱা হৈছে । এই ছবিখন অহা বছৰৰ ২০২৪ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: MAMI Film Festival : ভাৰত পালেহি প্ৰিয়ংকা চোপ্ৰা; ডিঙিত পিন্ধিলে এটা বিশেষ নামৰ নেকলেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.