ETV Bharat / entertainment

Don 3 : অপেক্ষাৰ অন্ত ! ফাৰহান আখতাৰে ঘোষণা কৰিলে ডন ৩, এইবাৰ শ্বাহৰুখৰ সলনি ৰণবীৰক দেখা যাব ডনত !

দীৰ্ঘদিন ধৰি ডন ৩ ছবিখনৰ বাবে অপেক্ষা কৰি আছিল অনুৰাগীয়ে । এতিয়া পৰিচালক ফাৰহান আখতাৰে মঙলবাৰে ডনৰ সম্পৰ্কে এটা ডাঙৰ আপডেট শ্বেয়াৰ কৰিছে ।

author img

By

Published : Aug 8, 2023, 4:35 PM IST

Updated : Aug 8, 2023, 4:42 PM IST

'A new era begins': Farhan Akhtar announces Don 3, fans float Ranveer Singh as SRK's successor
ফাৰহান আখতাৰে ঘোষণা কৰে ডন ৩

চিটাৰা ডেস্ক, 8 আগষ্ট: ফ্ৰেঞ্চাইজিৰ অনুৰাগীয়ে ডন ৩ ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ এতিয়া এক প্ৰকাৰে যেন অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিব ৷ কিয়নো মঙলবাৰে ফাৰহান আখতাৰে ছ’চিয়েল মিডিয়াত এখন ম’চন পিকচাৰ প্ৰকাশ কৰিছে, য’ত ‘৩’ নম্বৰৰ ল’গ’ শ্বেয়াৰ কৰা হৈছে । কিন্তু স্পষ্টকৈ একো কোৱা দেখা যোৱা নাই ।

ডন 3 ৰ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই

যদিও সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ফাৰহানে এই ম’চন পিকচাৰৰ সৈতে ডন ৩ ঘোষণা কৰিছে। ম’চন পিকচাৰৰ সৈতে লিখা আছে, "এটা নতুন যুগ আৰম্ভ হৈছে।" অৰ্থাৎ ডন ৩ এতিয়া নতুন শিল্পী আৰু নতুন প্ৰতিভাৰে দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হ’ব সেয়া স্পষ্ট । পুৰণি ডন ছবিখনত অমিতাভ বচ্চনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । পিচত ফাৰহান আখতাৰে ডন আৰু ডন ২ নিৰ্মাণ কৰিছিল, তাৰ পিচত দৰ্শকে শ্বাহৰুখ খানৰ ৰূপত নতুন ডন লাভ কৰিছিল । অৱশ্যে সামাজিক মাধম্যত চৰ্চা চলিছে যে ছবিখনৰ তৃতীয় খণ্ডত ডনৰ চৰিত্ৰত অভিনয় কৰা দেখা পোৱা যাব ৰণবীৰ সিঙক।

ক্ষোভিত হৈ পৰিল অনুৰাগী

ডন ৩ ৰ বাবে ৰণবীৰ সিঙক কাষ্ট কৰা খবৰ পোৱাৰ লগে লগেই শ্বাহৰুখৰ অনুৰাগীসকল হতাশ হৈ পৰিছে । ফাৰহান আখতাৰৰ পোষ্টত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "অনুমান কৰক ডন ৩ ত শ্বাহৰুখ খান নাই।" এজনে লিখিছে, "চিনেমাখনৰ নাম সলনি কৰক। শ্বাহৰুখ খানৰ অবিহনে ডন অসম্পূৰ্ণ।" আনকি এজনে কৈছিল যে শ্বাহৰুখ খানৰ অবিহনে ডন ফ্ৰেঞ্চাইজিয়ে কাম নকৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অতি সোনকালে ডন ৩ৰ নিৰ্মাতাসকলে ৰণবীৰ সিঙৰ নাম ঘোষণা কৰিব পাৰে । মেকাৰসকলে গদৰ ২ আৰু অ’এমজি ২ৰ মুকলিৰ সময়ত ডন ৩ আৰু ৰণবীৰ সিঙৰ টিজাৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে । উল্লেখ্য যে সম্প্ৰতি সঞ্জয় লীলা ভানচালীৰ বৈজু বাৱৰাত ব্যস্ত ৰণবীৰ । ইয়াৰ শ্বুটিং সম্পূৰ্ণ কৰাৰ পিচত ৰণবীৰ সিঙে ডন ৩ আৰম্ভ কৰিব ।

লগতে পঢ়ক: Shah Rukh Khan Coffee Mug: শ্বাহৰুখ খানৰ এই কফি মগটোৰ মূল্য জানিলে আচৰিত হ’ব আপুনি, জানি লওক মগটোৰ বিশেষত্ব

Last Updated : Aug 8, 2023, 4:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.