ETV Bharat / entertainment

Sapna Choudhary : নৃত্যশিল্পী সপনাৰ অনুৰাগীৰ অদ্ভুত কাণ্ড, সপনাৰ ভৰি ধুই সেৱন কৰিলে পানী, চাওক ভিডিঅ’

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নৃত্য ৰাণী সপনা চৌধাৰীৰ এটা ভিডিঅ’ (Sapna Choudhary Throwback Video)। য’ত এজন অনুৰাগীয়ে ভৰি ধুই পানী খাই থকা দেখা গৈছে সপনাক । চাওক সপনাৰ এই ভিডিঅ’টো ।

A fan washed feet of dancer Sapna Chowdhury and drink water
নৃত্যশিল্পী সপনা চৌধাৰীৰ ভৰি ধুই পানী সেৱন কৰিলে এজন অনুৰাগীয়ে
author img

By

Published : Jun 2, 2023, 5:28 PM IST

চিটাৰা ডেস্ক, 2 জুন: নিজৰ কঠোৰ পৰিশ্ৰমেৰে সফলতা শীৰ্ষ স্থানত উপনীত হৈছে হাৰিয়ানাৰ জনপ্ৰিয় নৃত্যশিল্পী, গায়িকা, অভিনেত্ৰী সপনা চৌধাৰীয়ে । যি স্থানত উপনীত হোৱাৰ ক্ষমতা হয়তো সকলোৰে নাথাকে । এই কাৰণেই সপনাৰ অনুৰাগীয়েও তেওঁক যথেষ্ট মৰম দিয়ে ৷ কিন্তু আজি আমি আপোনাক চিনাকি কৰাই দিম সপনাৰ এনে এজন অনুৰাগীৰ সৈতে যিয়ে ভগৱানৰ মৰ্যাদা দিছে নৃত্যশিল্পীগৰাকীক ৷ ইয়াৰ এটা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Sapna Choudhary Viral Video)।

  • " class="align-text-top noRightClick twitterSection" data="">

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল সপনাৰ এটা পুৰণি ভিডিঅ’

আচলতে সপনাৰ এই ভিডিঅ’টো কেইবছৰমান পুৰণি । যিটো এতিয়া ইউটিউবত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে (Sapna Choudhary Throwback Video) । ভিডিঅ’টোত দেখা গৈছে যে মঞ্চত বহি থকা সপনাৰ এগৰাকী অনুৰাগীয়ে ভৰি ধুই আছে। সপনাৰ ফেনে প্ৰথমে ভৰি ধুবলৈ পানীত গোলাপৰ পাত মেলি দিয়ে আৰু সেই পানীত ফুলবোৰ ৰাখি সপনাৰ ভৰি ধুবলৈ ধৰে । কেৱল এয়াই নহয়, সপনাৰ ভৰি ধুই সেই পানী সেৱনো কৰে অনুৰাগীজনে ৷ তেওঁৰ এই কাৰ্য দেখি হতবাক হৈ পৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰী (Washed feet of Sapna Chowdhary) ৷

এই বছৰ কাঁত আত্মপ্ৰকাশ কৰে ঘটা সপনাই

উল্লেখ্য যে সপনাই এতিয়া কেৱল হাৰিয়ানাতে নহয় সমগ্ৰ দেশতে নাম অৰ্জন কৰিছে । শেহতীয়াকৈ কাঁত অভিনেত্ৰীগৰাকীয়েও আত্মপ্ৰকাশ কৰে ৷ য’ত তেওঁ নিজৰ গ্লেমাৰাছ ষ্টাইলেৰে মন্ত্ৰমুগ্ধ কৰে অনুৰাগীক ৷ ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় সপনা । য’ত প্ৰতিদিনে নিজৰ ভিডিঅ’বোৰ অনুৰাগীৰ বাবে শ্বেয়াৰ কৰি থাকে সপনাই ।

সপনাৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে সপনাই হাৰিয়ানৱী অভিনেতা বীৰ সাহুৰ সৈতে বিবাহপাশত আবদ্ধ হয় । দুয়োগৰাকীয়ে এজন পুত্ৰৰ পিতৃ-মাতৃ । সপনা আৰু বীৰৰ বিবাহ খুব গোপনে হৈছিল। পৰিয়ালৰ বিৰুদ্ধে বীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰীগৰাকী । অৱশ্যে এতিয়া তেওঁৰ পৰিয়ালৰ লোকে এই বিবাহত সন্মতি প্ৰদান কৰিছে ৷

লগতে পঢ়ক: Singer Nisha Upadhyaya: সংগীতানুষ্ঠানৰ মাজতে গুলীবিদ্ধ ভোজপুৰী কণ্ঠশিল্পী নিশা উপাধ্যায়, কেনে আছে এতিয়া নিশা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.