চিটাৰা ডেস্ক, ১৭ ছেপ্টেম্বৰ : আমেৰিকান গায়ক তথা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছৰ স্বামী নিক জোনাছৰ আজি জন্ম বাৰ্ষিকী ৷ নিক জোনাছৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰিয়ংকা চোপ্ৰা জোনাছে এক ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰিছে । য’ত অভিনেত্ৰীগৰাকীয়ে নিক আৰু মালতীৰ এটা ফটো এলবাম এটা শ্বেয়াৰ কৰে ।
অভিনেত্ৰী প্ৰিয়ংকাই শ্বেয়াৰ কৰা প্ৰথমটো পোষ্টত তেওঁ নিকক চুমা খাই থকা দেখা গৈছে । দ্বিতীয় ফটোখনত নিকে গলফ্ খেলি থকা দেখা গৈছে । শেষৰ ফটোখনত নিকে নিজ কন্যা মালতীক খাদ্য খুৱাই থকা দেখা গৈছে ।
নিক জোনাছৰ বাবে প্ৰিয়ংকা চোপ্ৰা এটা মৰমলগা টোকা :
পোষ্টটো শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছে লিখিছে এটা সুন্দৰ কেপচনো, ‘‘আপোনাৰ সৈতে এই সুখ উদযাপন কৰাটো মোৰ জীৱনৰ এক অন্যতম সুন্দৰ মুহূৰ্ত । আপুনি মোক এনেকুৱা কিছুমান কাম কৰিবলৈ প্ৰেৰণা দিছে যিবোৰ মই সম্ভৱ বুলিও ভবা নাছিলো । I love you Birthday Boy ৷ আশাকৰো তোমাৰ সকলো সপোন বাস্তৱায়িত হওক ৷ Happy birthday baby’’ ৷
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই প্ৰত্যেক দিনে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত অতি সুন্দৰ সুন্দৰ ফটো বা বিভিন্ন আলোকচিত্ৰ পোষ্ট কৰি থাকে । য’ত তেওঁৰ কন্যা মালতী, নিক আৰু প্ৰিয়ংকাৰ মৰমলগা বহু ফটো আছে । কিছুদিন ডেটিং কৰাৰ পিচত গ্ল’বেল ষ্টাৰ প্ৰিয়ংকাই হিন্দু আৰু খ্ৰীষ্টান উভয় ৰীতি-নীতি অনুসৰি ২০১৮ চনৰ ডিচেম্বৰ মাহত যোধপুৰত আমেৰিকাৰ গায়ক তথা অভিনেতা নিক জোনাছৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।
২০২২ চনৰ জানুৱাৰী মাহত চেৰ’গেচিৰ সহায়ত দম্পতীটোৱে প্ৰথম সন্তানক আদৰণি জনায় ৷ যাৰ নাম ৰাখিলে মালতী মেৰী চোপ্ৰা জোনাছ । ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক শেষবাৰৰ বাবে দেখা গৈছিল আমেৰিকাৰ ৰোমান্টিক কমেডী-ড্ৰামা ছবি ‘‘Love Again’’ত ৷ য’ত ছেম হিউগান আৰু চেলিন ডিয়নেও অভিনয় কৰিছিল ।
ইয়াৰ পিচতে হলিউডৰ অভিনেতা ৰিচাৰ্ড মেডেনৰ সৈতে আমেৰিকাৰ একচন থ্ৰিলাৰ টেলিভিছন ধাৰাবাহিক ‘চিটাডেল’ত দেখা গৈছিল প্ৰিয়ংকাক । বৰ্তমান তেওঁৰ আগন্তুক একচন-কমেডী ছবি ‘হেডছ অৱ ষ্টেট’ৰ শ্বুটিং কৰি আছে ৷ য’ত জন চিনাও অভিনয় কৰিছে ।
লগতে পঢ়ক : Singer Padmanabha Bordoloi: পৃথক মনৰ পদ্মনাভৰ মনৰ কথাৰে