ETV Bharat / entertainment

নিবস্ত্ৰ 53 বছৰীয়া জেনিফাৰ লোপেজ; উশাহ চুটি হৈ পৰিল অনুৰাগীৰ ! - জেনিফাৰ লোপেজ ইনষ্টাগ্ৰাম

২৪ জুলাইত পপ তাৰকা জেনিফাৰ লোপেজে সম্পূৰ্ণ কৰিলে 53 বছৰ । এই বিশেষ দিনটোত গায়িকাগৰাকীয়ে নিজৰ নগ্ন ফটোশ্বুটৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক ট্ৰিট দিয়ে ।

Jennifer Lopez
নিবস্ত্ৰ 53 বছৰীয়া জেনিফাৰ লোপেজ
author img

By

Published : Jul 25, 2022, 1:58 PM IST

চিটাৰা ডেস্ক, 25 জুলাই : 24 জুলাইত ৫৩ বছৰ সম্পূৰ্ণ কৰা গায়িকা জেনিফাৰ লোপেজৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টে টোপনি কাঢ়িছে অনুৰাগীৰ ৷ দেওবাৰে ইনষ্টাগ্ৰামত জেনিফাৰে এটা ভিডিঅ’ পোষ্ট কৰে য’ত তেওঁৰ জে এল অ’ বিউটি ব্ৰেণ্ডৰ এটা নতুন জে এল অ’ বডি লাইন মুকলিৰ বাবে বিভিন্ন প’জ দিয়াৰ সময়ত তেওঁৰ শৰীৰত লোচন প্ৰয়োগ কৰা দেখা গৈছে ( Jennifer Lopez instagram) ।

"আমি আমাৰ মুখৰ ছালৰ প্ৰতি সকলো যত্ন আৰু মনোযোগ দিওঁ, কিন্তু আমি কেতিয়াবা শৰীৰক অৱহেলা কৰো । শৰীৰৰ নিৰ্দিষ্ট আৰু অনন্য প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ শৰীৰৰ ছালৰ যত্নৰ বাবে এটা স্কীণকেয়াৰ ৰুটিন সৃষ্টি কৰাটো মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল",ভিডিঅ’টো শ্বেয়াৰ কৰি শিৰোনামত এইদৰে লিখিলে লোপেজে ৷ জন্মদিন উপলক্ষে অনুৰাগী সকলক উপহাৰো দিয়ে তাৰকা গৰাকীয়ে ৷

জেনিফাৰৰ শেহতীয়া ফটোশ্বুটৰ ভিডিঅ’টো দেখি অনুৰাগীৰ মুখৰ পৰা ওলাল ‘ৱাও’ । "৫৩ বছৰ বয়সত কালজয়ী সৌন্দৰ্য্যৰে মোৰ চুপাৰষ্টাৰ আইডল আৰু ছুপাৰ হট মা", এজন অনুৰাগীয়ে মন্তব্য কৰে এইদৰে । "অ' মাই গড! চেক্সি", "ইউ আৰ অন ফায়াৰ", ইত্যাদি কমেণ্টেৰে ভৰি পৰে তেওঁৰ কমেণ্ট ছেকচন ৷

লাছ ভেগাছত বেন এফ্লেকৰ সৈতে বিয়াত বহাৰ পিছত জেনিফাৰৰ এইয়া প্ৰথম জন্মদিন । যোৱা সপ্তাহত জেনিফাৰে তেওঁৰ অন দ্য জে এল অ’ নিউজলেটাৰত প্ৰকাশ কৰিছিল যে তেওঁ আৰু ৪৯ বছৰীয়া এফ্লেক বিবাহপাশত আবদ্ধ হৈছে ।

২০০২ চনত গিগলি ছবিখনৰ ছেটত লগ পোৱাৰ পিছত বেনে জেনিফাৰক প্ৰেমৰ প্ৰস্তাৱ দিছিল । কিন্তু ২০০৪ চনত দুয়োৰে এংগেজমেণ্ট বাতিল হয় । নিজৰ পৃথক পথত যোৱাৰ পিছত ২০২১ চনৰ মে’ মাহত মন্টানাত ছুটীত থকাৰ সময়ত হাতত হাত ধৰি থকা দেখা পোৱা জেনিফাৰ বেনে বাতৰিৰ শিৰোনামা দখল কৰিছিল পুনৰ সম্পৰ্কলৈ অহাৰ কথাৰে ৷

লগতে পঢ়ক : কথাতে কয় নহয় কপালৰ লিখন নাযায় খণ্ডন; আঁতৰিও আঁতৰিব নোৱাৰিলে ইজনে সিজনৰ পৰা জেনিফাৰ আৰু বেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.