যোৰহাট, 11 এপ্ৰিলঃ বিয়লি পাঁচ বজাৰ লগে লগে সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ভোটদান ৷
যোৰহাটৰ ১৫২নং কছিৰীপৰীয়া প্ৰাথমিক বিদ্যালয়ত বৰ্তমানেও অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া ৷ ভোটদান কেন্দ্ৰটোত সন্ধিয়া ৬.৪৫ বজালৈকে ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৷ ৰাইজৰ অভিযোগ, ১২০০ ভোটাৰৰ বিপক্ষে এটা ই ভি এম তথা কৰ্তব্যৰত বিষয়াই সুচাৰুৰূপে দায়িত্ব পালন কৰিব নোৱৰাৰ ফলতেই লেহেমীয়া গতিত সম্পন্ন হৈছে ভোটগ্ৰহণ ।