হাইলাকান্দি, ১৮ এপ্ৰিল : " দিল সচ্চা ঔৰ চেহৰা ঝুঠা " প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে হাইলাকান্দিৰ গ্ৰেহাম মধ্যবংগ বিদ্যালয়ৰ ভোটকেন্দ্ৰত পত্নীৰ লগত ভোট দিবলৈ আহি এনেদৰে গুণগুণালে গীতৰ কলি । বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে পত্নীক লগত লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহে ।
সাধাৰণতে প্ৰতিটো নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰীগৰাকীক পুৱাই ভোট দিবলৈ অহা দেখা যায় । কিন্তু এই বৰ্ষৰ নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আবেলি ৪ বজাত ভোট দিবলৈ অহাত সাংবাদিকে ভোট দিবলৈ উৎসাহ কমি গৈছে নেকি সোধা প্ৰশ্নৰ উত্তৰত কয়-"উৎসাহ আছে বাবেই ভোট দিবলৈ আহিছো "।আনহাতে কোন দলে শাসনভাৰৰ দায়িত্ব ল'ব সেই প্ৰশ্নৰ উত্তৰতো প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে কয় যে মই জ্যোতিষী নহয় ।