ETV Bharat / elections

তুংগত হৈ উঠিছে শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ - শব্দ ৰাম ৰাভা

বৰমাৰ ৰাজীৱ ভৱনৰ পৰা তামুলপুৰলৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে শব্দ ৰাভাই ।

তুংগত হৈ উঠিছে শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 16, 2019, 9:53 PM IST

তামুলপুৰ, ১৬ এপ্ৰিলঃ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে । ৫ নং কোকৰাঝাৰ লোক সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ প্ৰচাৰ অভিযান অব্যাহত আছে । মঙলবাৰে দিনত বৰমাস্থিত ৰাজীৱ ভৱনৰ পৰা লগত বহুসংখ্যক সমৰ্থকক লৈ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই শব্দ ৰাম ৰাভাই ।

তুংগত হৈ উঠিছে শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ৰাভাই কয় যে, "কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব আৰু বিটিচি চুক্তিখন পুণৰীক্ষণ কৰিব । যি সকলে মোক চিজন ফ্লাৱাৰ বুলি কয় তেওঁলোকে মোৰ সংগ্ৰামী ইতিহাস নাজানে । প্ৰথমে ময়ে বিটিচি চুক্তিৰ ফলত হ'ব পৰা সংঘাতৰ কথা উত্থাপন কৰিছিলো ।"

আনহাতে শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে অবড়ো সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতি যোগেশ্বৰ কলিতাই । এইবাৰ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী শব্দৰাম ৰাভাক সমৰ্থন কৰিছে অবড়ো সুৰক্ষা সংগ্ৰাম সমিতিয়ে । সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত যোগেশ্বৰ কলিতাই কয়, "অবড়ো সুৰক্ষা সমিতিৰ আন্দোলন কোনো বড়োৰ বিৰুদ্ধে নহয় । ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সম-মৰ্য্যদাৰ লগতে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ।"

Intro:বাক্সাৰ বৰমা ,তামুলপুৰত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ।

Body:সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে । ৫ নং কোকৰাঝাৰ লোক সমষ্টিত কেইবাজনো প্ৰাৰ্থীৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰেক্ষিত প্ৰাৰ্থী শব্দ ৰাম ৰাভা প্ৰচাৰ অভিযান অব্যাহত । আজি দিনৰ ১২ বজাত বৰমা ৰাজীৱ ভৱনৰ পৰা বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই ।

শব্দ ৰাম ৰাভাৰ ভাষ্য:
কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে জাতি ধ্বংসী বিধেয়ক CAB ৰ বিৰোধিতা কৰিব আৰু বিটিচি চুক্তি খন পুণৰীক্ষণ কৰিব । তেওঁ আৰু কয় যে যি সকলে মোক চিজন ফ্লাৱাৰ বুলি কয় তেওঁলোকে মোৰ সংগ্ৰামী ইতিহাস নাজানে । প্ৰথমে ময়ে বিটিচি চুক্তিৰ ফলত হব পৰা সংঘাত কথা উত্থাপন কৰিছিলো বুলি কয় ।

Conclusion:আনহাতে সমগ্ৰ অসমতে বড়ো অবড়োৰ প্ৰতিষ্ঠাপক যোগেশ্বৰ কলিতাৰ আজি নৰম স্থিতি দেখা গল । এইবাৰ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰেক্ষিত প্ৰাৰ্থী শব্দৰাম ৰাভা সমৰ্থন কৰি অবড়োৰ সংগঠনৰ সভাপতি যোগেশ্বৰ কলিতাৰ সুৰ সলনি ।

যোগেশ্বৰ কলিতাৰ ভাষ্য : অবড়ো সুৰক্ষা সমিতিৰ আন্দোলন হেনো কোনো বড়ো বিৰুদ্ধে নহয় । ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সম মৰ্য্যদা বিৰুদ্ধে হে আৰু এই আন্দোলন বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেহে বুলি কয় ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.