ETV Bharat / elections

কংগ্ৰেছ দল মিঞাৰ দল, এ আই ইউ ডি এফ বাংলাদেশীৰ দলঃ মমিনুল আৱাল - কংগ্ৰেছ

গোলাঘাটত বিৰ্তকিত মন্তব্য বিজেপি সংখ্যালঘু পৰিষদৰ মুখপাত্ৰ মমিনুল আৱালৰ । কংগ্ৰেছ মিঞাৰ দল, ৰকিবুল হুছেইন ঢাকায়া আৰু আব্দুল খালেক মৈমনসিঙিয়া, লগতে ১৪জন বিধায়কৰ বাংলাদেশী লিগেচি আছে বুলি মন্তব্য মুখপাত্ৰজনৰ

গোলাঘাটত মমিনুল আৱালৰ প্ৰতিক্ৰিয়া
author img

By

Published : Apr 8, 2019, 12:51 PM IST

গোলাঘাট,৮ এপ্ৰিলঃ গোলাঘাটত বিজেপি সংখ্যালঘু পৰিষদৰ মুখপাত্ৰ মমিনুল আৱালে বিজেপি আৰু এ আই ইউ ডি এফক সমালোচনা কৰি প্ৰদান কৰে এক বিৰ্তকিত মন্তব্য । কংগ্ৰেছ দলক মিঞাৰ দল আৰু এ আই ইউ ডি এফ দলক বাংলাদেশীৰ দল হিচাপে অভিহিত কৰে বিজেপি সংখ্যালঘু পৰিষদৰ মুখপাত্ৰজনে ।মুখপাত্ৰজনে ইতিহাসৰ দোহাই দি দুয়োটা দলকে এইদৰে ক্ষুৰধাৰ সমালোচনা কৰে ।

গোলাঘাটত মমিনুল আৱালৰ প্ৰতিক্ৰিয়া

গোলাঘাট,৮ এপ্ৰিলঃ গোলাঘাটত বিজেপি সংখ্যালঘু পৰিষদৰ মুখপাত্ৰ মমিনুল আৱালে বিজেপি আৰু এ আই ইউ ডি এফক সমালোচনা কৰি প্ৰদান কৰে এক বিৰ্তকিত মন্তব্য । কংগ্ৰেছ দলক মিঞাৰ দল আৰু এ আই ইউ ডি এফ দলক বাংলাদেশীৰ দল হিচাপে অভিহিত কৰে বিজেপি সংখ্যালঘু পৰিষদৰ মুখপাত্ৰজনে ।মুখপাত্ৰজনে ইতিহাসৰ দোহাই দি দুয়োটা দলকে এইদৰে ক্ষুৰধাৰ সমালোচনা কৰে ।

গোলাঘাটত মমিনুল আৱালৰ প্ৰতিক্ৰিয়া
Intro:গোলাঘাটত মমিনুল আৱালৰ প্ৰতিক্ৰিয়া, কংগ্ৰেছ মিঞাৰ দল, ৰকিবুল হুছেইন ঢাকায়া আৰু আব্দুল খালেক মইমুনসিঙিয়া। কংগ্ৰেছত আছে ১৪জন বাংলাদেশী লিগেচি থকা বিধায়ক। এআইইউডিএফকো বাংলাদেশী ৰাজনৈতিক দল বুলি আখ্যা মমিনুল আৱালৰ।


Body:গোলাঘাটত বিজেপি সংখ্যালঘু পৰিষদৰ মুখপাত্ৰ মমিনুল আৱালে কংগ্ৰেছক মিঞা দল বুলি অভিহিত কৰে। কংগ্ৰেছত ২৪ গৰাকী বিধায়কৰ ভিতৰত ১৪ জন বিধায়কৰ আছে বাংলাদেশী লিগেচি। ইয়াৰ ভিতৰত ৰকিবুল হুছেইন হল ঢাকায়া মূলৰ মানুহ আৰু আব্দুল খালেক মইমুনসিঙিয়া মূলৰ মানুহ। দেশ বিভাজনৰ সময়ত অসমখনক পূব পাকিস্তান বৰ্তমানৰ বাংলাদেশৰ লগত অন্তৰ্ভূক্ত কৰিবলৈ ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনে নগাঁৱৰ ৰাজপথত তাৰোৱাল লৈ সমদল বাহিৰ কৰিছিল। ঠিক একেদৰে কংগ্ৰেছৰ আন এগৰাকী আব্দুল খালেক মইমুনসিঙিয়া মূলৰ বাংলাদেশী লিগেচি থকা লোক। এইদৰে ৱাজেদ আলি চৌধুৰী আৰু এঘাৰ গৰাকী বাংলাদেশী লিগেচি থকা বাংলাদেশী মূলৰ বিধায়ক আছে কংগ্ৰেছ দলত। অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আহোম ৰাজত্ব কালৰে পৰা আৰম্ভ হৈছিল। আহোমে গৰীয়া মৰীয়া সকলক জনগোষ্ঠীয় জাতিৰ স্বীকৃতি দিছিল। কিন্তু কংগ্ৰেছ দলে মুছলমান জাতি নিষেশ কৰাৰ পৰিকল্পনা কৰিছে। তৰুণ গগৈ সন্মুখত থাকিলেও কংগ্ৰেছৰ পিছফালে যদি চোৱা যাই তেন্তে কংগ্ৰেছ এটা মিঞাৰ দল। আহোমে স্বীকৃতি প্ৰদান কৰা ধৰ্মীয় সংখ্যালঘু গৰিয়া মৰিয়া জাতিটোক বিজেপিয়ে উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে। ইয়াৰ উপৰিও এআইইউডিএফৰ প্ৰধান আজমল চিলেতীয়া মানুহ তাত কোনো সন্দেহ নাই গতিকে এআইইউডিএফ দলটো যে সম্পূৰ্ণ ৰূপে বাংলাদেশী এটা ৰাজনৈতিক দল সেইয়া নিশ্চিত বুলি কয়।


Conclusion:Byte 1: মমিনুল আৱাল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.