ডিব্ৰুগড়, 6 এপ্ৰিলঃ এবাৰ দুবাৰ নহয়, মুঠ তিনিবাৰ আক্ৰমণৰ সন্মুখীন হৈছিল লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী অনিল বৰগোহাঁই ৷ নিজ সমষ্টিত প্ৰচাৰ চলাই চিলাপথাৰ অভিমুখে যাত্ৰা কৰাৰ সময়তে আক্ৰমণৰ সন্মুখীন হৈছিল কংগ্ৰেছী প্ৰাৰ্থীগৰাকী ৷
ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰাৰ্থীগৰাকীৰ শৰীৰৰ অৱনতি ঘটাৰ বাবে বৰ্তমানে আইচিইউত ৰখা হৈছে ৷ উল্লেখ্যে যে, শুক্ৰবাৰে নিশা লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিমেন চাপৰি, ডিমৌ আৰু চিলাসুঁতিত নিৰ্বাচনী প্ৰচাৰ চলাই চিলাপথাৰ অভিমুখে যাত্ৰা কৰাৰ সময়তে আক্ৰমণৰ সন্মুখীন হৈছিল কংগ্ৰেছী প্ৰাৰ্থীগৰাকী ৷
ইতিমধ্য়ে, স্বাস্থ্যৰ কিছু উন্নতি ঘটাৰ বাবে শনিবাৰে ৰাতিপুৱাই নিজ গৃহলৈ যায় অনিল বৰগোঁহাই ৷ উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত থকা প্ৰাৰ্থীগৰাকীয়ে আক্ৰমণৰ ফলত হাত আৰু মূৰত আঘাতপ্ৰাপ্ত হৈছিল ৷
আনহাতে এই আক্ৰমণৰ ঘটনাত বিজেপি দল তথা লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ গুণ্ডাবাহিনীৰ লগতে গণশক্তিৰ লোক জড়িত থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী কৰ্মীসকলে ৷ মুঠ তিনিবাৰকৈ প্ৰদান বৰুৱাৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ সন্মুখীন হৈছিল অনিল বৰগোহাঁই ৷ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে ৷