নিউজ ডেস্ক, 24 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰিলেও দেশৰ বহু প্ৰান্তত এতিয়াও নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী আছে ৷ সমান্তৰালকৈ শাসনাধীষ্ঠিত বিজেপি দলে নিৰ্বাচনত জয়লাভ কৰিবলৈ বহুপ্ৰকাৰে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে ৷
শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বাৰানসীত এটি জনসম্পৰ্কৰক্ষী কেন্দ্ৰ উদ্বোধন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৷ কেন্দ্ৰটো উদ্বোধন কৰি অঞ্চলটোৰ ৰাইজৰ লগত বিজেপিৰ যোগাযোগ অধিক উন্নত কৰা তথা ৰাইজৰ সমস্যাৰ বিষয়ে অধিক কাষ চাপি যাবৰ বাবে এই কেন্দ্ৰটোৱে বিজেপিক সহায় কৰিব বুলি উল্লেখ কৰে অমিত শ্বাহে ৷
উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি নদ্দা আৰু কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীযুষ গোৱেল ৷ উল্লেখ্য যে, অহা 26 এপ্ৰিল বাৰানসী লোকসভা সমষ্টিৰ পৰাই মনোনয়ন দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷