ETV Bharat / elections

দলীয় টিকটক কেন্দ্ৰ কৰি বিজেপি-ইউপিপিএলৰ টনা-আঁজোৰা

author img

By

Published : Mar 7, 2021, 1:38 PM IST

চিৰাঙৰ বিজনী বিধানসভা সমষ্টিক লৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা । প্ৰাৰ্থিত্ব বিচাৰি ইউপিপিএল-ৰ কৰ্মী সকলৰ প্ৰতিবাদ ।

দলীয় টিকটক কেন্দ্ৰ কৰি বিজেপি-ইউপিপিএলৰ টনা-আঁজোৰা
bijni chirang

চিৰাং,7 মাৰ্চঃ চিৰাঙৰ ৩৩ নং বিজনী বিধানসভা সমষ্টি কোন দলৰ দখলত থাকিব সেই লৈ বিজেপি-ইউপিপিএলৰ মাজত চলিছে টনা আঁজোৰা । দলীয় টিকটৰ দাবীদাৰ বিজেপিৰ লগতে ইউপিপিএল । বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপক কেন্দ্ৰ কৰি শনিবাৰে নিশা চিৰাং জিলাৰ বিজনীত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিল ইউপিপিএল-ৰ একাংশ নেতা-কৰ্মী ।

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৩৩ নং বিজনী বিধানসভা সমষ্টিত ইউপিপিএল দলৰ পৰা এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীত বিজনী জিলা ইউপিপিএল-ৰ কাৰ্যালয়ত একাংশ দলীয় নেতা-কৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰে । বিজনী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিকল্প চিন্তা কৰা হ'ব বুলিও প্ৰতিবাদী দলটোৰ নেতা-কৰ্মীসকলে সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিক ভাবুকি প্ৰদান কৰে ৷

লগতে পঢ়কঃ ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামক উষ্ম আদৰণি সমষ্টিবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.