চতিয়া,4 মে: জামুগুৰিহাটৰ কেন্দ্ৰস্থলত থকা বিলাতী সুৰাৰ দোকানত সোমবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে লুটপাত চলোৱাৰ ঘটনাই সমগ্ৰ জামুগুৰিহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, জামুগুৰি কেন্দ্ৰস্থলতে থকা আৰ কে এণ্টাৰপ্ৰাইজ নামৰ বিলাতী সুৰাৰ দোকানখনত যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে লুটপাত চলায় ৷ মঙলবাৰে পুৱা স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি দোকানৰ গৰাকীক খবৰ দিয়াত গৰাকী আহি ঘটনাটো প্ৰত্যক্ষ কৰে ৷
দোকানখনৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, দোকানখনৰ গ্ৰীল, চাটাৰৰ উপৰিও ১২টা মান টলা ভাঙি চিচি কেমেৰা বিকল কৰি ভিতৰৰ ড্ৰয়াৰসমূহ ভাঙি লণ্ডভণ্ড কৰি লক্ষাধিক টকা লুটি নিয়ে দুৰ্বৃত্তই ৷ ইতিমধ্যে সুৰাৰ দোকানৰ গৰাকীয়ে উক্ত ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থাৰ বাবে জামুগুৰি আৰক্ষী নিৱেশত এজাহাৰ দাখিল কৰিছে ৷
লগতে পঢ়ক : কোভিড-19: দিল্লীত বিগত 24 ঘণ্টাত 2.15 লাখৰো অধিক লোকক টীকাকৰণ