নগাঁও,22 জুন: সমগ্ৰ ৰাজ্যতেই অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী (ASSAM POLICE)য়ে ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে ৰাজ্যত কোটি কোটি টকাৰ ড্ৰাগছ (Drugs Seized) জব্দ কৰাৰ লগতে আটক হৈছে বহু ড্ৰাগছ মাফিয়া ৷ সমান্তৰালকৈ নগাঁও জিলাতো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই চলাই গৈছে ইটোৰ পিছত সিটো অভিযান ৷ আৰক্ষীৰ অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ড্ৰাগছ মাফিয়া, অবৈধ সুৰা সৰবৰাহকাৰীৰ গ্ৰেপ্তাৰ কৰাৰ লগতে উচ্ছেদ কৰিছে বহু অবৈধ চুলাই মদৰ ঘাটি ৷
সমান্তৰালকৈ নগাঁও জিলা (Nagaon District)ৰ পুৰণিগুদাম চলচলিট সোমবাৰে আৰক্ষীয়ে চলোৱা এটা অভিযানত পুনৰ আন দুজন ভুৱা আৰক্ষী (Fake Police) গ্ৰেপ্তাৰ কৰে ৷ ধৃতলোক কেইজন হৈছে বঢ়মপুৰ আদৰ্শ গাঁৱৰ ৰাজীৱ বৰদলৈ আৰু চলচলি মুছলিম গাঁৱৰ ইবটিছাম আহমেদ ৷ সম্পৰ্কত ধৃত দুয়ো পতি-পত্নী বুলি জানিব পৰা গৈছে ৷ ধৃত ৰাজীৱ বৰদলৈ আৰু ইবটিছাম আহমেদে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিশেষ শাখাত কৰ্মৰত বুলি পৰিচয় দি দীৰ্ঘ দিনৰে পৰা জিলা খনত বহু লোকক প্ৰৱঞ্চনা কৰি লুটি আহিছিল ধন ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে আৰক্ষীয়ে আটক কৰা এগৰাকী আচামীক জেলৰ পৰা মোকলাই দিয়াৰ নামত ধৃত ৰাজীৱ বৰদলৈ আৰু ইবটিছাম আহমেদে দাবী কৰিছিল 50 হাজাৰ টকা ৷ ইয়াৰ পিছতে সমগ্ৰ ঘটনাটো উল্লেখ কৰি লোক দুগৰাকীৰ বিৰুদ্ধে আচামিৰ আত্মীয় এগৰাকী মহিলাই আৰক্ষীক (Nagon Police)ৰ কাষ চাপি ৰুজু কৰিলে এটা গোচৰ ৷
উক্ত গোচৰৰ ভিত্তিত সোমবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ (Arrested)কৰে এই দম্পতিক ৷ ইয়াৰ পূৰ্বেও বহু কেইটা অপৰাধজনিত গোচৰত অভিযুক্ত ধৃত ৰাজীৱ বৰদলৈ জড়িত বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷
লগতে পঢ়ক-এবছৰৰ ভিতৰত লখিমপুৰৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ