বিহপুৰীয়া, 12 জুন : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আৰক্ষীয়ে শনিবাৰে আটক কৰিলে তিনিটাকৈ গভাইত চোৰ । দীৰ্ঘ দিনধৰি নাৰায়ণপুৰৰ কেইবাঠাইতো চুৰিকাণ্ড সংঘটিত কৰি আহিছিল ধৃত চোৰকেইটাই । বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে নাৰায়ণপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে চোৰ তিনিটাক । ধৃতচোৰ কেইটাৰ ভিতৰত দুটা চোৰৰ বয়স ১৮ বছৰৰ তলত বুলি জানিব পৰা গৈছে। আনটো চোৰৰ নাম দিগন্ত হাজৰিকা (৩০) বুলি জানিব পৰা গৈছে ।
নাৰায়ণপুৰৰ মাকোৱাৰী গাৱঁৰ এই কম বয়সীয়া চোৰ দুটাই চুৰি কৰা সামগ্ৰী একেখন গাঁৱৰে ধৃত দিগন্ত হাজৰিকাক বিক্ৰী কৰে বুলি চোৰ কেইটাই আৰক্ষীৰ আগত স্বীকাৰ কৰে । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কাৱাৰী ব্যৱসায় কৰা দিগন্ত হাজৰিকা নামৰ যুৱক জনো চুৰিচক্ৰৰ লগত জড়িত আছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে । ইতিমধ্যে নাৰায়ণপুৰৰ আৰক্ষীয়ে চোৰ কেইটাক আটক কৰি অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে ।
আনহাতে, ধৃত চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত ধৃত দিগন্ত হাজৰিকাৰ গৃহৰ পৰা আৰু হাবিৰ মাজত লুকুৱাই থোৱা অৱস্থাত চিলিণ্ডাৰ, ফেনকে আদিকৰি বহু পৰিমানৰ চুৰি সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে । উক্ত ঘটনাটোৰ বিৰুদ্ধে চোৰকেইটাক জেৰা কৰাৰ লগতে অধিক তথ্যৰবাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে চুৰি চক্ৰ লগত জড়িত আন কোন কোন চোৰ জড়িত আছে ওলাই পৰিব ৷
লগতে পঢ়ক-ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্যত সহযোগ লাগিব মণিপুৰ-নগালেণ্ডৰ