চতিয়া, 25এপ্ৰিল : শোণিতপুৰ জিলাৰ জামুগুৰি থানাৰ অন্তৰ্গত কুসুমটোলাত শনিবাৰে নিশা সংঘটিত হৈছে এটা এটিএম চুৰি কাণ্ড ৷ কুসুমটোলাস্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএমৰ ছাটাৰ কাটি দুষ্কৃতিকাৰীয়ে কেইবা লক্ষাধিক টকা লুটি নিয়ে ৷
ইফালে এটিএমটো চোৱাচিতাৰ দায়িত্বত থকা কৰ্মচাৰী গৰাকীয়ে দেওবাৰে পুৱা সাত বজাত এটিএম গৃহটোৰ ছাটাৰ খুলিবলৈ আহি ছাটাৰখন খোলা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে কৰ্মচাৰীগৰাকীয়ে উক্ত ঘটনাটো স্থানীয় ৰাইজৰ লগতে আৰক্ষীক অৱগত কৰে।
ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও বৰ্তমানলৈ কোনো দুষ্কৃতিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷