তেজপুৰ, ৮ জুন: শোণিতপুৰ জিলাৰ তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰীত ছফিকুল ইছলাম নামৰ এজন যুৱকৰ বিৰুদ্ধে এটি সাতবছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ তেজপুৰ সদৰ আৰক্ষী বিষয়া ভৰত চন্দ্ৰ কোঁৱৰে জনোৱা অনুসৰি, শিশুটিক সমীপৰ এখন দোকানলৈ চকলেট খুউৱাৰ চলেৰে নি ঘৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰৰ এখন পথাৰৰ মাজত শিশুটিক ধৰ্ষণৰ অপচেষ্টা চেলাই ৷ এই কাণ্ড সংঘটিত কৰাৰ সময়তে পথাৰলৈ যোৱা এগৰাকী স্থানীয় মহিলাই দেখি চিঞৰ বাখৰ কৰাত প্ৰতিৱেশী লোকসকল ওলাই আহি ছফিকুলক কৰায়ত্ব কৰি শিশুটিৰ ঘৰলৈ আনি বান্ধি থয় ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ন বজাত এই ঘটনাটো সংঘটিত হৈছিল ৷ অভিযুক্ত ছফিকুল পূৰ্বৰে পৰাই শিশুটিৰ ঘৰলৈ অহা-যোৱা কৰে আৰু একেটা অঞ্চলৰে হোৱা বাবে এই কথাত পৰিয়ালটোৱে কোনোধৰণৰ আশংকা কৰা নাছিল ৷ প্ৰায়েই সন্মুখৰ দোকানখনৰ পৰা চকলেট, মৰ্টন আদি ক্ৰয় কৰি দিয়া শিশুটিক সেয়ে অতি সহজেই ঘৰৰ পৰা লৈ যাবলৈ সক্ষম হৈছিল ছফিকুল ৷
স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, পূৰ্বেও বিভিন্ন অপকৰ্মৰে জড়িত থকাৰ অভিযোগত অভিযুক্ত ছফিকুলে প্ৰথম অৱস্থাত প্ৰত্যক্ষদৰ্শী মহিলাগৰাকীৰ হাতে ভৰিয়ে ধৰি এই কথা গাপ দিবলৈ চেষ্টা চলাইছিল যদিও মহিলাগৰাকীয়ে শিশুটিক ছফিকুলৰ কবলৰ পৰা মুক্ত কৰি সকলোকে চিঞৰ বাখৰ কৰি এই জনাই দিয়ে ৷ উল্লেখযোগ্য যে, তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ কোঁৱৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযুক্ত ছফিকুলক গ্ৰেপ্তাৰ কৰি তেজপুৰ সদৰ আৰক্ষী থানালৈ লৈ আনে ৷ বিয়লি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে ৷