হোজাই,21 এপ্ৰিল: হোজাই জিলাৰ নীলবাগানৰ জয়ন্তীয়া বস্তিত জব্দ কৰা হৈছে এখন অবৈধ আগৰ ভৰ্তি ট্ৰাক । হোজাই জিলাৰ বন সুৰক্ষা বাহিনীয়ে এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন । জব্দ কৃত ট্ৰাকখনৰ নম্বৰ AS 03 AC 8453 । ঘটনা সন্দৰ্ভত হোজাইৰ বন সুৰক্ষা বিভাগৰ বিষয়া চামিম আক্তাৰে জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা 9.45 মান বজাত আগৰ ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ কিন্তু চালক আৰু সৰবৰাহকাৰীয়ে অভিযানকাৰীৰ চকুত ধূলি মাৰি পলায়ন কৰে ৷
জব্দ কৃত ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হয় ১০৮ বস্তা আগৰ । আগৰখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব যদিও সঠিক মূল্য নিৰূপণ কৰিবলৈ কিছু সময় প্ৰয়োজন হ’ব বুলি জনাই বন বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক : মুম্বাই বিমানবন্দৰত আৱেগিক মুহুৰ্তত অভিনেত্ৰী মাহী ভিজ