ETV Bharat / crime

সপোন বিয়াৰ : প্ৰতাৰক প্ৰেমিকে হাৰিয়ানালৈ নি বিক্ৰী কৰিলে প্ৰেয়সীক

author img

By

Published : Aug 17, 2021, 5:47 PM IST

প্ৰথমতে প্ৰেম তাৰ পিছত বিবাহৰ প্ৰতিশ্ৰুতি ৷ এইদৰেই অলেখ সপোন দেখুৱাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰা পলুৱাই নি এগৰাকী যুৱতীক হাৰিয়ানাত বিক্ৰী কৰিছিল প্ৰতাৰক প্ৰেমিকে ৷ তাৰ পিছত কি হ’ল জানো আহক ৷

rangia-girl-sold-in-hariyana-by-cheater-boy-friend-rescued-in-police-mission
সপোন বিয়াৰ: প্ৰতাৰক প্ৰেমিকে হাৰিয়ানালৈ নি বিক্ৰী কৰিলে প্ৰেয়সীক

ৰঙিয়া, 17 জুলাই : কেইমাহ মানৰ পূৰ্বে বিয়াৰ প্ৰস্তাৱ দি প্ৰৱঞ্চক প্ৰেমিকে হাৰিয়ানালৈ লৈ গৈ বিক্ৰী কৰিছিল ৰঙিয়াৰ এগৰাকী যুৱতীক ৷ প্ৰায় ছমাহ ধৰি হাৰিয়ানাতে আৱদ্ধ কৰি ৰখা হৈছিল দুৰ্ভগীয়া যুৱতী গৰাকীক ৷ অৱশেষত, অসম আৰক্ষীৰ শেহতীয়া অভিযানত এক নাৰকীয় পৰিৱেশৰ পৰা উদ্ধাৰ কৰা হয় যুৱতী গৰাকীক ৷

প্ৰায় সকলোৱে বিচাৰে নিজৰ প্ৰিয়জনৰ সৈতে এখন সুখৰ সংসাৰ কৰাৰ ৷ ৰঙিয়াৰ যুৱতীগৰাকীৰ সৈতেও যেন একেই হৈছিল, প্ৰথমতে প্ৰেম তাৰ পিছত প্ৰেমিকৰ দ্বাৰা বিবাহৰ প্ৰতিশ্ৰুতি ৷ কোকৰাঝাৰৰ প্ৰতাৰক প্ৰেমিক ৰাজীৱ চন্দ্ৰ ৰায়ৰ জালত বন্দী হৈছিল ৰঙিয়াৰ ২ নং নকুল অঞ্চলৰ যুৱতীগৰাকী ৷ যুৱতী গৰাকীক নিজৰ প্ৰেমৰ জালত পেলাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰা পলুৱাই নিছিল ৰাজীৱে ৷

পলুৱাই নি যুৱতী গৰাকীক বহিঃৰাজ্যত এক নতুন জীৱন আৰম্ভ কৰাৰ ৰঙীন সপোন দেখুৱালে প্ৰতাৰক প্ৰেমিকে ৷ প্ৰথমে ৰেলেৰে দিল্লীলৈ লৈ যোৱা হৈছিল যুৱত গৰাকীক ৷ নিজৰ প্ৰেমিকৰ ওপৰত চূড়ান্ত বিশ্বাসী যুৱতীগৰাকীক অৱশেষত লক্ষাধিক টকাৰ বিনিময়ত হাৰিয়ানাত বিক্ৰী কৰে প্ৰেমিক ৰাজীৱে ৷

যুৱতীগৰাকীৰ অনুপস্থিতিত চিন্তিত হৈ পৰা পৰিয়ালে সহায় ল’লে আৰক্ষীৰ ৷ এই ঘটনাৰ তদন্তৰ বাবে সাজু কৰা হ’ল কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষীৰ এটা বিশেষ দলক ৷ অৱশেষত, আৰক্ষীৰ এই বিশেষ দলটোৱে হাৰিয়ানাৰ ৰেৱাড়ী জিলাৰ কৌশল্যা নগৰৰ পৰা প্ৰায় ছমাহ দিন ধৰি অন্ধকাৰ কুঠৰীত বন্দী হৈ থকা যুৱতীগৰাকীক উদ্ধাৰ কৰি ৰঙিয়ালৈ লৈ আনিবলৈ সক্ষম হয় ৷ অৱশ্যে, যুৱতী গৰাকীৰ একালৰ প্ৰতাৰক প্ৰেমিক ৰাজীৱ এতিয়াও পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : টকা মেইন : এইবাৰ ৰাজস্থানীৰ হাতত কিশোৰীক বিক্ৰী কৰিলে খুৰীয়েকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.