ETV Bharat / crime

কিশোৰক প্ৰহাৰ কৰি পথাৰত পেলাই থ’লে চণ্ডীয়ে: ৰাইজে জ্বলালে ঘৰ - অভিযুক্ত

এগৰাকী 13 বছৰীয়া কিশোৰক প্ৰহাৰ কৰি ধাননি পথাৰত পেলাই দিয়াৰ অভিযোগত ৰাইজে জ্বলাই দিলে এজন লোকৰ ঘৰ ৷ ইতিমধ্যে মুমূৰ্ষ অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আহত কিশোৰগৰাকীক ৷

People burn down residence Of Accused For allegedly beating up teenage
কিশোৰক প্ৰহাৰ কৰাৰ অভিযোগত ৰাইজে জ্বলাই দিলে অভিযুক্তৰ বাসগৃহ
author img

By

Published : Aug 4, 2021, 12:25 PM IST

Updated : Aug 4, 2021, 12:38 PM IST

বাইহাটা, 4 আগষ্ট : কামৰূপ জিলা (Kamrup District)ৰ কমলপুৰৰ আঠগাঁৱত মঙলবাৰে নিশা সংঘটিত হৈছে এটা আজৱ ঘটনা । পইচা চুৰি কৰাৰ সন্দেহত এগৰাকী কিশোৰক অপহৰণ কৰা ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা । চণ্ডী দাস নামৰ এগৰাকী ব্ৰইলাৰৰ মাংস ব্যৱসায়ীয়ে সমীপৰে 13 বছৰীয়া কিশোৰ এগৰাকীক দিনৰ 11 মান বজাৰ পৰাই লুকুৱাই ৰাখিছিল বুলি অভিযোগ তুলিছে কিশোৰজনৰ পৰিয়ালে ৷

আকাশ দ্বীপ হীৰা নামৰ কিশোৰজনৰ পিতৃয়ে চণ্ডী দাসক পুত্ৰক উলিয়াই দিবলৈ অনুনয় বিনয় কৰে ৷ কিন্তু চণ্ডী দাসে দৰিদ্ৰ লোক গৰাকীক পুত্ৰই চুৰি কৰা বুলি দাবী ধমকিহে দিয়ে । দ্বীপ হীৰা পিতৃয়ে পুত্ৰ যদিহে চুৰি কৰিছে তেন্তে চুৰি কৰা পইচা উভতাই দিব বুলিও কয় ৷

কিশোৰক প্ৰহাৰ কৰাৰ অভিযোগত ৰাইজে জ্বলাই দিলে অভিযুক্তৰ বাসগৃহ

কিন্তু চণ্ডী দাসে চাউলৰ বেগ আৰু দ্বীপ হীৰাই চলাই অনা চাইকেলখন দেখুৱাই দ্বীপ হীৰাই পলাই যোৱা বুলি কয় পিতৃক ।

উপায়হীন হৈ দ্বীপ হীৰাৰ পিতৃয়ে উক্ত ঘটনাটোৰ সন্দৰ্ভত কমলপুৰ থানাত এক এজাহাৰ দাখিল কৰে । পিছত কমলপুৰ আৰক্ষীয়ে চণ্ডী দাসৰ ঘৰত বিচাৰ-খোচৰ কৰে যদিও কিশোৰ জনক বিছাৰি নাপাই উভতি যায় । ইফালে স্থানীয় ৰাইজে চণ্ডি দাসৰ ঘৰত উপস্থিত হৈ চণ্ডি দাসক কিশোৰ গৰাকীক কত লুকাই ৰাখিছে জেৰা কৰাত তেওঁ কিশোৰ গৰাকীক প্ৰহাৰ কৰি ধাননিত পেলাই দিয়াৰ কথা স্বীকাৰ কৰে ।

লগতে পঢ়ক - মোক জীয়াই থাকিবলৈ দিয়ক: ৰঞ্জন চুতীয়া

দ্বীপ হীৰাক বিচাৰি চণ্ডী দাসৰ বাসগৃহত সমবেত হোৱা শ-শ লোক উত্তেজিত হৈ পৰে আৰু আৰক্ষীক খবৰ দিয়ে । আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অতি সংকট জনক অৱস্থাত কিশোৰজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে । এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে চণ্ডী দাসৰ বাসগৃহত অগ্নি সংযোগ কৰে ।

এই অগ্নিকাণ্ডৰ ফলত চণ্ডী দাসৰ নিমিষতে ব্ৰইলাৰৰ দোকান, এটি পকী গৃহৰ লগতে অন্য তিনিটা গৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । ইফালে চণ্ডী দাসৰ টাটা ডি আই (AS 01 MC 9407) বাহনখনো এই অগ্নিকাণ্ডত জাহ যায় । পিছত অগ্নি নিৰ্বাপক বাহিনীৰ ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ।

চণ্ডী দাসৰ পৰিয়ালে ৰাইজৰ ৰুদ্ৰৰূপ দেখি ঘৰ এৰি পলায়ণ কৰে । নিশাই অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে । এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক - মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

Last Updated : Aug 4, 2021, 12:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.