ETV Bharat / crime

ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক গতাই দিলে এটা চোৰ - জনীয়া

কলগাছিয়া (Kalgachia)ৰ বামুণটাৰীত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত আটক হয় এটা চোৰ (Thief) ৷ ধৃত চোৰটোক উত্তম-মধ্যম দি আৰক্ষীক গতাই দিয়ে ৰাইজে ৷

One Thief Arrested By Public At Kalgachia
ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক গতাই দিলে এটা চোৰ
author img

By

Published : Aug 1, 2021, 9:44 AM IST

জনীয়া, 1 আগষ্ট : বৰপেটা জিলা (Barpeta District)ৰ কলগাছিয়াৰ বামুণটাৰীত গাড়ী চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত আটক (Arrest) এটা চোৰ। চোৰটোক ৰাইজে উত্তম মাধ্যম দি গতাই দিয়ে আৰক্ষীক । ধৃত চোৰটোৱে ইয়াৰ পূৰ্বেও চাইকেল চুৰি কৰিছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

নামনি অসমত ক'লা মানুহক লৈ ৰাইজৰ মাজত এক ভ্ৰান্ত ধাৰণা চলি আছে ৷ এই আতংক চলি থকাৰ মাজতে শনিবাৰে এখন ট্ৰাকত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত আটক হয় এটা চোৰ ৷ জানিব পৰা মতে, কলগাছিয়া আৰক্ষী থানা (kalgasia Police Station)ৰ অন্তৰ্গত বামুণটাৰী বজাৰৰ পৰা আহি আছিল এখন ট্ৰাক ৷ উক্ত ট্ৰাকখন ৰাখি এজন লোক গুৱাহাটীলৈ যাব বুলি ট্ৰাকখনত উঠে।

ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক গতাই দিলে এটা চোৰ

লগতে পঢ়ক- উজনিত সক্ৰিয় হৈছে বৃহৎ গাড়ী চুৰি চক্ৰ

ইফালে, ট্ৰাকৰ পিছফালে উঠিয়েই ট্ৰাকৰ ৰছিবোৰ খুলি দিয়ে । উক্ত বিষয়টো প্ৰত্যক্ষ কৰি ট্ৰাক চালকজনে চোৰ বুলি সোধ-পোচ কৰে ৷ তাৰ মাজতে একাংশ স্থানীয় ৰাইজ আহি ঘটনাস্থলীত উপস্থিত হয় ৷

চোৰ বুলি সন্দেহ হোৱাত উত্তম মধ্যম দি ৰাইজে আটক কৰে ৷ ইফালে ৰছিৰে গছত বান্ধি ৰাখে চোৰটোক । অৱশেষত ধৃত লোকজন বগুলামাৰী গাঁৱৰ ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে ৷

উক্ত ঘটনাটো সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজে ছাইদুলক কলগাছিয়া আৰক্ষীক গটাই দিয়ে ৷ এই ঘটনাটোৰ বাবে অঞ্চলজুৰি তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । আনহাতে, শনিবাৰে নিশাৰে পৰা বামুণটাৰী অঞ্চলত ক'লা মানুহ ওলাইছিল বুলি অপপ্ৰচাৰ চলিছিল । যাৰ বাবে ঘটনাস্থলীত সহস্ৰাধিক ৰাইজৰ সমাগম হৈছিল বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক-বিলাসীপাৰাত ক'লা মানুহৰ অন্ধবিশ্বাস সন্দৰ্ভত সজাগতা সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.