ETV Bharat / crime

কাছাৰত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ এগৰাকী মহিলা আটক - কাছাৰত ড্ৰাগছ

শিলচৰৰ শিলদুবি এলেকাত এখন অটো বাহনৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ (Drugs) সহ এজনী মহিলা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে ধৃত মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

one-lady-drugs-paddler-arrested-by-police-at-cachar-district
কাছাৰত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ এগৰাকী মহিলা আটক
author img

By

Published : Jun 30, 2021, 11:05 AM IST

কাছাৰ, 30 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs) সৰবৰাহৰ লগতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ সমান্তৰালকৈ কাছাৰ জিলাতো আৰক্ষীয়ে (Cachar police)ও ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ মঙলবাৰে গোপন সূত্ৰৰ পম খেদি কাছাৰ জিলাৰ সোনাবাড়ি ঘাটৰ কাটাগাছ তলাত এক অভিযান চলায আৰক্ষীয়ে ৷ আৰক্ষীৰ এই অভিযানত শিলচৰৰ শিলদুবি এলেকাত এখন অটো বাহনৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ সহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

ইফালে ধৃত মহিলা গৰাকীয়ে পিতৃ গৃহৰ পৰা অহাৰ সময়তে এজন স্থানীয় যুৱকে এক হেজাৰ টকাৰ প্ৰলোভন দি ড্ৰাগছৰ পেকেতটো আনিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ কৰিছে ৷ মহিলাগৰাকীৰ পৰা ড্ৰাগছখিনি জব্দ কৰাৰ লগতে মহিলা গৰাকীক আটক কৰি ৰংগীৰখাৰি থানালৈ (Rangirkhari police station) লৈ যায় আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ জেৰাত হে ওলাই পৰিব উক্ত ঘটনাটোত আৰু কোন জড়িত হৈ আছে ৷

কাছাৰৰ উক্ত ঘটনাটোৰ অনুৰূপ ঘটনা এটা মঙলবাৰে নিশা সংঘটিত হৈছে ডিব্ৰুগড়ত ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙৰ নেতৃত্বত মঙলবাৰে নিশা আৰক্ষীৰ এটা দলে ডিব্ৰুগড় চহৰৰ নতুন বজাৰৰ সমীপৰ হৰিজন কলনীত চলায় এটা অভিযান ৷

আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে বহু পৰিমানৰ অবৈধ চুলাই মদ নষ্ট কৰে আৰক্ষীয়ে । তদুপৰি ঘটনাস্থলীতে আৰক্ষীয়ে 5 জন সুৰাপায়ী আৰু এজন সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি ড্ৰাগছ, গাঞ্জা অবৈধ সুৰা ইত্যাদি বিভিন্ন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইটা ড্ৰাগছ মাফিয়াকো (Drugs mafia) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-ডিব্ৰুগড়ৰ আৰক্ষীৰ জালত অবৈধ সুৰা সহ 6 সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.