ETV Bharat / crime

ধুবুৰী আৰক্ষীৰ জালত ২.২০ লাখ টকাসহ ড্ৰাগছ সৰবৰাহকাৰী - হোজাই জিলা

ধুবুৰীৰ ঝগৰাৰপাৰ চতুৰ্থ খণ্ডত আৰক্ষী আৰু চি আৰ পি এফ (CRPF)ৰ যৌথ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ (Drugs) সহ ২ লাখ ২০ হাজাৰ টকা জব্দ কৰে । ৰফিকুল ইছলাম নামৰ যুৱক জনৰ ঘৰৰ পৰা জব্দ নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰে আৰক্ষীয়ে ৷

One Drugs peddler arrested by police At Dhubri District
ধুবুৰীত আৰক্ষীৰ জালত ২.২০ লাখ টকা সহ এজন ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Jul 11, 2021, 5:15 PM IST

ধুবুৰী, 11 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs) চুলাই মদৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ শনিবাৰে নিশা গৌৰীপুৰ আৰক্ষী (Gauripur Police) আৰু গৌৰীপুৰৰ ৪৮ চি আৰ পি এফৰ যৌথ অভিযানত প্ৰায় দহ লাখ টকা মূল্যৰ ড্ৰাগছ আৰু ২ লাখ ২০হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় । ঝগৰাৰপাৰ চতুৰ্থ খণ্ড গাঁৱৰ ৰফিকুল ইছলাম নামৰ যুৱক জনৰ ঘৰত আৰক্ষীয়ে চলাইছিল এই অভিযান । আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছ মাফিয়া ৰফিকুলক আটক কৰে আৰক্ষীয়ে ।

ধৃত ৰফিকুল ইছলামৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীখিনিৰ ভিতৰত ৫০ পেকেট ইয়াবা টেবলেট, ২০০ টা ব্ৰাউন ছুগাৰ টেবলেট ভৰ্তি কন্টেইনাৰ, ২ টা কফ ছিৰাফ (Cough Syrup) বটল জব্দ কৰে । ড্ৰাগছ মাফিয়া ৰফিকুলে দীৰ্ঘদিন ধৰি ধুবুৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল বুলি অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে । ইতিমধ্যে গৌৰীপুৰ আৰক্ষী আৰু চি আৰ পি এফে ড্ৰাগছ আৰু নগদ ধন সহ ড্ৰাগছ মাফিয়া যুৱকজনক গতাই দিয়ে ধুবুৰী আৰক্ষীক ।

ধুবুৰীত আৰক্ষীৰ জালত ২.২০ লাখ টকা সহ এজন ড্ৰাগছ সৰবৰাহকাৰী

ইয়াৰ সমান্তৰালকৈ শনিবাৰে নিশা হোজাই জিলাৰ উদালী তিনিআলি বজাৰৰ এখন ফাৰ্মাচীৰ পৰা 300 নিচাজাতীয় কফ চিৰাপ (Cough Syrup)ৰ বটল জব্দ কৰে আৰক্ষীয়ে ৷ হোজাই জিলাৰ লংকা আৰক্ষী থানা (Lanka Police Station)ৰ অন্তৰ্গত উদালী তিনিআলি উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলেন চন্দ্ৰ দাসৰ নেতৃত্বত এক গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰা হয় বটলকেইটা ৷

ঘটনা সন্দৰ্ভত এজনক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ তদন্তৰ অন্তত এই নিচাজাতীয় কফ চিৰাপৰ সৈতে জড়িত থকা কেইবাজনো লোকক আটক কৰাৰ সম্ভাৱনা থকা বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে । একেদৰে দেওবাৰেও গোলাঘাট জিলাৰ বৰপথাৰৰ সৰুপাভজান মিচিং গাঁৱত আৰক্ষীয়ে অভিযান চলাই তিনিটা বৃহৎ বৃহৎ অবৈধ চুলাই মদৰ ঘাটি উচ্চেদ কৰিবলৈ সক্ষম হয় । অভিযানত প্ৰায় ১৭০০০ লিটাৰ চুলাই বনোৱা কেঁচা সামগ্ৰী নষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক-মঙলদৈ আৰক্ষীৰ তৎপৰতাত জব্দ 1500 লিটাৰৰো অধিক চুলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.