ETV Bharat / crime

Miscrants loot Meghdoot Bhawan: গুৱাহাটীৰ মেঘদূত ভৱনত চলিল চোৰৰ চাফাই অভিযান

মহানগৰীৰ মেঘদূত ভৱনত ৰহস্যজনক চুৰিকাণ্ড ৷ শুকুৰবাৰে নিশা মেঘদূত ভৱনত চোৰে চাফাই অভিযান চলাই লুটি লৈ যায় নগদ প্ৰায় 3 লাখ টকা (miscrants loot Rs 3 lakh from Meghdoot Bhawan) ৷

author img

By

Published : Jan 29, 2022, 8:30 PM IST

robbers-loot-rs-3-lakh-from-meghdoot-bhawan-in-guwahati
গুৱাহাটীৰ মেঘদূত ভৱনত চলিল চোৰৰ চাফাই অভিযান

গুৱাহাটী, 29 জানুৱাৰী : মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ অতপালি (Rise in theft and robbery cases in Guwahati City) ৷ শুকুৰবাৰে নিশা গুৱাহাটীৰ পাণবজাৰস্থিত ডাকঘৰৰ মুখ্য কাৰ্যালয়ত চলিল চোৰৰ চাফাই অভিযান (Miscrants loot Meghdoot Bhawan) ৷ লুটি লৈ যায় নগদ প্ৰায় 3 লাখ টকা ৷

পাণবজাৰ আৰক্ষী থানাৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে নিশা প্ৰায় 10 বাজি 30 মিনিটত মেঘদূত ভৱনৰ ভূমি মহলাৰ পৰা পঞ্চম মহলালৈ চোৰে চলাই চাফাই অভিযান ৷ চোৰে মেঘদূত ভৱনৰ মূল লকাৰটো খুলিবলৈ চেষ্টা চলাইছিল যদিও সফল হ’ব নোৱাৰিলে বুলি জানিব পৰা গৈছে ৷ নগদ 3 লাখ টকাসহ চোৰে চুৰি কৰাৰ লগতে লৈ যায় বহুখিনি গুৰুত্বপূৰ্ণ নথি-পত্ৰ (Miscrants loot Rs 3 lakh from Meghdoot Bhawan) ।

বাহিৰত নিৰাপত্তাৰক্ষী থকাৰ পাছতো এইদৰে চুৰিকাণ্ড সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । শনিবাৰে পুৱাৰ ভাগত মেঘদূত ভৱনৰ কৰ্মচাৰীসকল কাৰ্যালয়লৈ আহি লণ্ডভণ্ড হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে কাৰ্যালয়টো ৷ লগতে চুৰি কাণ্ডৰ এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে কৰ্মচাৰীসকলে ।

পৰৱৰ্তী সময়ত ঘটনস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । পাণবজাৰ আৰক্ষী থানাৰ পৰা প্ৰায় 300 মিটাৰ দূৰত্বত সংঘটিত হোৱা এই চুৰি কাণ্ডই মহানগৰীবাসীক কৰি তুলিছে চিন্তিত ৷ ইতিমধ্যে আৰক্ষীয়ে মেঘদূত ভৱনত নিয়োজিত হৈ থকা দহজন নিৰপত্তাৰক্ষীক সোধ-পোচৰ বাবে আটক কৰিছে ৷

লগতে পঢ়ক : Assam Nagaland Border Violence: দিচৈভেলীত পুনৰ অসমীয়াক গুলীয়াই মৰাৰ ভাবুকি নগা দুৰ্বৃত্তৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.