ETV Bharat / crime

উৎকোচ লৈ গ্ৰেপ্তাৰ SI ছাৰ

শেহতীয়াকৈ কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক যতীন্দ্ৰ সিনহাৰ এটা উৎকোচ গ্ৰহণৰ ভিডিঅ’ ভাইৰেল হৈছিল ৷ ইয়াৰ পিছতে এতিয়া আটক কৰা হৈছে আৰক্ষী বিষয়া গৰাকীক ( Karimganj police officer arrested for taking bribe ) ৷ সবিশেষ জানো আহক ৷

author img

By

Published : Dec 17, 2021, 5:08 PM IST

Updated : Dec 17, 2021, 8:51 PM IST

উৎকোচ লৈ গ্ৰেপ্তাৰ SI ছাৰ
উৎকোচ লৈ গ্ৰেপ্তাৰ SI ছাৰ

কৰিমগঞ্জ, 17 ডিচেম্বৰ : উৎকোচ লৈ আটক হৈছে পাথাৰকান্দি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক যতীন্দ্ৰ সিনহা ৷ উল্লেখ্য যে, আৰক্ষী বিষয়া গৰাকীয়ে উৎকোচ লৈ থকা ভিডিঅ’ ভাইৰেল(Viral Video of Patharkandi Police) হোৱাৰ পিছতে তৎপৰ হৈছিল কৰিমগঞ্জ আৰক্ষী । ইয়াৰ পিছত উপ-আৰক্ষী অধীক্ষক পংকজ যাদৱে পাথাৰকান্দি থানাত উপস্থিত হৈ ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰিছিল । অৱশেষত অভিযোগ সত্য প্ৰমাণিত হোৱাত আটক কৰা হয় যতীন্দ্ৰ সিনহাক ।

উল্লেখযোগ্য যে, কৰিমগঞ্জত দুৰ্ঘটনাগ্ৰস্ত এখন বাহন শেহতীয়াকৈ আনি ৰখা হৈছিল পাথাৰকান্দি থানাত ৷ সেইসূত্ৰে থানাখনত উপস্থিত হৈছিল বাহনখনৰ স্বত্বাধিকাৰী ৷ কিন্তু আৰক্ষীয়ে আইনী প্ৰক্ৰিয়াৰে বাহনখন মুকলি কৰি দিয়াৰ সলনি স্বত্বাধিকাৰীক দাবী কৰে নগদ ধন ৷ থানাখনত কৰ্মৰত পি যতীন্দ্ৰ সিনহা নামৰ উপ-পৰিদৰ্শক গৰাকীয়ে বাহনখনৰ গৰাকীক দাবী কৰে 5000 টকা (Demand of bribe by police) ৷

উৎকোচ লৈ গ্ৰেপ্তাৰ SI ছাৰ

বাহনৰ গৰাকীয়ে 3000 টকা প্ৰদান কৰাৰ পিছতো নিজৰ স্থিতিত অটল হৈ থাকে বিষয়াগৰাকীয়ে ৷ অৱশেষত 4000 টকাৰ বিনিময়ত বাহনখন থানাৰ পৰা নিবলৈ আৰক্ষীয়ে অনুমতি প্ৰদান কৰে বাহনৰ স্বত্বাধিকাৰীক ৷

ইফালে, আৰক্ষীৰ এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ভুক্তভোগীয়ে ম’বাইলত ৰেকৰ্ড কৰি ভাইৰেল কৰাৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বাহনখনৰ স্বত্বাধিকাৰীয়ে দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰাৰ সময়তো আৰক্ষীয়ে 1000 টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ ইফালে, এই কাণ্ড ভাইৰেল হোৱাৰ পিছতে এতিয়া বহুজনে অসম আৰক্ষীৰ স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷

ইফালে, এই ঘটনাৰ পিছত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দুৰ্নীতি কৰা সকলে কোনো পধ্যেই সাৰি নাযায়, এই ধৰণৰ কাৰ্যৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় পাথাৰকান্দিৰ বিধায়ক কৃশেন্দু পালে । তেওঁ লগতে কয় যে, ধন লোৱা যিদৰে অপৰাধ, ধন দিয়াটোও অপৰাধ ৷ গতিকে ধন দিয়াজনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা উচিত । শুকুৰবাৰে, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ লগত কথা পাতি বিধায়ক গৰাকীয়ে ধন দিয়াৰজনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :Anti drugs mission : হেৰ’ইনসহ তিনিজনক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ

Last Updated : Dec 17, 2021, 8:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.