ETV Bharat / crime

বুজন পৰিমানৰ অবৈধ সুৰাসহ এজন সৰবৰাহকাৰী আটক

author img

By

Published : Jul 25, 2021, 12:59 PM IST

ডুমডুমাত প্ৰায় তিনি হাজাৰ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ শনিবাৰে নিশা চলোৱা এটা অভিযানত আটক কৰা হয় সৰবৰাহকাৰীটোক ৷

Illegal's Liquor Seized By Police At Dumduma, Tinsukia District
বুজন পৰিমানৰ অবৈধ সুৰাসহ এজন সৰবৰাহকাৰীক আটক

শদিয়া, 25 জুলাই : সমগ্ৰ ৰাজ্যতেই ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে (Assam Police) অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ সমান্তৰালকৈ তিনিচুকীয়া জিলাতো (Tinsukia District) ইয়াৰ বিৰুদ্ধে সস্তম হৈ পৰিছে তিনিচুকীয়া আৰক্ষী ৷ শনিবাৰে ডুমডুমা আৰক্ষীয়ে (Dumduma Police) অবৈধ সুৰা সৰবৰাহৰ বিৰুদ্ধে এক অভিযান চলায় ৷

এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে নিশা ডুমডুমাৰ ৰূপাই টিপুকত অভিযান চলায় আৰক্ষীয়ে ৷ অভিযোগ অনুসৰি ৰামপ্ৰসাদ ৰায় (চেৰ্পা) নামৰ ব্যক্তি গৰাকীয়ে দীৰ্ঘ দিনৰ পৰা অঞ্চলটোত অবৈধ সুৰা সৰবৰাহ কৰি আছিল ৷ আবকাৰী বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি চুলাই মদৰ ৰমৰমীয়া বেহা চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে ৰামপ্ৰসাদ ৰায়ৰ বিৰুদ্ধে ৷

উক্ত খবৰৰ ভিত্তিত আৰক্ষীৰ এই অভিযান চলাইছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ উক্ত অভিযানত ৰামপ্ৰসাদ ৰায়ৰ ঘৰৰ পৰা প্ৰায় তিনি হাজাৰ লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰে ৷ তাৰোপৰি চুলাই প্ৰস্তুত কৰা বহু সামগ্ৰী জব্দ কৰি এটা চুলাই ভাটি উৎখাত কৰে আৰক্ষীয়ে ৷

অকল সেয়াই নহয় বহু পৰিমানৰ বিলাতী সুৰাও জব্দ কৰা হয় ৰামপ্ৰসাদ ৰায়ৰ ঘৰৰ পৰা ৷ ইতিমধ্যে অবৈধ সুৰা সৰবৰাহ কৰাৰ অভিযোগত ৰাম প্ৰসাদ ৰায় (চেৰ্পা)ক আটক কৰে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে যেতিয়ালৈ অবৈধ সুৰা তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহ বন্ধ নহয়, তেতিয়ালৈ তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত ৰাখিব বুলি সকীয়াই দিয়ে আৰক্ষীয়ে ৷

তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পাৰ বহু লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু কেইটা ড্ৰাগছ মাফিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তথাপিতো জিলা খনৰ ভিন্ন প্ৰান্তত এতিয়াও চলি আছে অবৈধ সুৰা তথা নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় ৷ অৱশ্যে ইয়াৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ তীব্ৰ অভিযান ৷

লগতে পঢ়ক-চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.