ETV Bharat / crime

No objection Certificate ৰ বিনিময়ত ধন বিচাৰি ফান্দত পৰিল লাট মণ্ডল - No objection Certificate

মাটি কিনা-বেচাৰ আপত্তি বিহীন প্ৰমাণপত্ৰ দিয়াৰ নামত টকা বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ লাট মণ্ডলৰ বিৰুদ্ধে ৷ আবেদনকাৰীয়ে উৎকোচ নিদি খবৰ দিলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক(CM vigilance assam) ৷ জানো আহক তাৰ পিছত কি হ’ল ৷

government-official-arrested-for-demanding-money-in-return-of-no-objection-certificate-for-selling-land
No objection Certificate ৰ বিনিময়ত ধন বিচাৰি ফান্দত পৰিল লাট মণ্ডল
author img

By

Published : Dec 18, 2021, 8:24 PM IST

হোজাই, 18 ডিচেম্বৰ : শেহতীয়াকৈ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভাগ সমূহৰ পৰা দুৰ্নীতি নোহোৱা কৰিবলৈ ইটোৰ পিছত সিটো চমক দি থকা পৰিলক্ষিত হৈছে(CM Himanta against corruption in state) ৷ এনে পৰিস্থিতিৰ মাজতো শুকুৰবাৰে কৰিমগঞ্জৰ এজন আৰক্ষী বিষয়াই উৎকোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছিল(Viral Video of Patharkandi Police) ৷ পৰৱৰ্তী সময়ত আটক হৈছিল অভিযুক্ত পাথাৰকান্দি থানাৰ উপ পৰিদৰ্শক গৰাকী ৷ এইবাৰ হোজাই চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ ঘটনাত নাম সাঙোৰ খাইছে এজন লাট মণ্ডলৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি, হোজাই চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত ধলপুখুৰী অঞ্চলৰ দায়িত্বত থকা দেৱানন্দ বৰা নামৰ লাটমণ্ডলজনে অঞ্চলটোৰ এগৰাকী লোকৰ পৰা মাটি কিনা-বেচাৰ আপত্তি বিহীন প্ৰমাণপত্ৰ দিয়াৰ নামত দুই হেজাৰ টকাৰ উৎকোচ বিচাৰি হাৰাশাস্তি কৰে লোকজনক। ইয়াৰ পিছত, আবেদনকাৰীয়ে মণ্ডলক উৎকোচ নিদিয়াৰ ফলত মণ্ডলজনে প্ৰমাণপত্ৰৰ কাম নকৰাত আবেদনকাৰীজনে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত(CM vigilance assam) এই সম্পৰ্কে অভিযোগ কৰে ৷

No objection Certificate ৰ বিনিময়ত ধন বিচাৰি ফান্দত পৰিল লাট মণ্ডল

পৰৱৰ্তী সময়ত দুর্নীতি নিবাৰক শাখাৰ এটা দলে হোজাই চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই মণ্ডলজনক আটক কৰি গুৱাহাটীলৈ নিয়ে ।

অৱশ্যে, চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই লাটমণ্ডলজনক আটক কৰাৰ সন্দৰ্ভত তদন্তৰ খাতিৰত অভিযানকাৰী দলে সাংবাদিকৰ সমুখত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । উল্লেখযোগ্য যে, ৰাজ্যৰ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত চলি থকা দুৰ্নীতিক লৈ বিশেষভাৱে সৰৱ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ৷ কিন্তু, এনে সময়তো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এতিয়া এইদৰে উৎকোচ লোৱাৰ মানসিকতা ত্যাগ কৰিব নোৱাৰাৰ বিষয়টোৱে বহন কৰিছে যথেষ্ট তাৎপৰ্য ৷

লগতে পঢ়ক : Pradip Buragohain case : পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰদীপ বুঢ়াগোহাঁই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.