ETV Bharat / crime

মাঞ্জাত গাঞ্জা জব্দ: আটক দুই সৰবৰাহকাৰী

author img

By

Published : Jun 21, 2021, 12:24 PM IST

মাঞ্জাত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমানৰ গাঞ্জা জব্দ ৷ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী ৷ ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ বিহাৰৰ মতিহাৰী জিলাত ৷

ganja-seized-at-manja
মাঞ্জাত জব্দ গাঞ্জা : আটক দুই সৰবৰাহকাৰী

ডিফু, 21জুন: ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী(Assam Police)এ ৷ জিলাই জিলাই আৰক্ষী অধীক্ষক সকলৰ নেতৃত্বত আৰক্ষীৰ দল ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler) পৰিছে আৰক্ষীৰ জালত ৷ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত থকাৰ সময়তে জিলা আৰক্ষীয়ে মাঞ্জাত অভিযান চলাই এখন যাত্ৰীবাহী বাছৰ পৰা ২১ কিঃগ্ৰাঃ ভাঙসহ বিহাৰৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

ganja-seized-at-manja
এখন যাত্ৰীবাহী বাছৰ পৰা গাঞ্জাখিনি জব্দ কৰা হয়

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লি মাঞ্জা আৰক্ষীয়ে নিয়মীয়া তালাচী চলোৱাৰ সময়ত যাত্ৰীবাহী বাছখনৰ পৰা ভাঙখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, মণিপুৰ ৰাজধানী চহৰ ইম্ফলৰ পৰা বিহাৰ অভিমুখে আহি থকা এএমএন ০১ ২০৯২ নম্বৰৰ বাছখনৰ পৰা ভাঙখিনি জব্দ কৰা হয় ৷ এটা মোনাত ভৰাই ৰখাৰ অৱস্থাত এই বুজন পৰিমাণৰ ভাঙখিনি আৰক্ষীয়ে জব্দ কৰে ৷

ভাঙখিনি সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ধৃত যুৱক দুজন ক্ৰমে, অখিলেশ কুমাৰ (৩৩), জয় প্ৰকাশ কুমাৰ (২৩) বুলি চিনাক্ত কৰা হৈছে ৷ দুয়োগৰাকীৰ ঘৰ বিহাৰৰ মতিহাৰী জিলাত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : নিৰ্বাপিত হোৱা নাই কমলপুৰৰ বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.