ETV Bharat / crime

প্ৰেমৰ প্ৰস্তাৱ নামানিলে গণ-ধৰ্ষণৰ ভাবুকি দিলে নাজিমূলে; শংকিত ছাত্ৰীৰ আত্মহত্যা !

এগৰাকী স্কুলীয়া ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দি এই প্ৰস্তাৱ মানি নল’লে গণ ধৰ্ষণ কৰি হত্যা কৰাৰ ভাবুকি দিলে যুৱকে ৷ উপায়হীন হৈ পৰা ছাত্ৰীয়ে কৰিলে আত্মহত্যা ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

gang-rape-threat-by-a-guy-made-school-girl-to-go-for-suicide
মোক ভাল নাপালে তোমাক গণ-ধৰ্ষণ কৰিম : যুৱকৰ ভাবুকিত আত্মহত্যা ছাত্ৰীৰ
author img

By

Published : Nov 9, 2021, 7:19 PM IST

ধিং, 9 নবেম্বৰ : নগাঁৱৰ ধিঙত সংঘটিত এক ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । নগাঁৱৰ ধিং খ্ৰাইষ্টজ্যোতি স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী মেধাৱী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দিছিল নাজিমূল হক নামৰ এজন যুৱকে । কিন্তু মেধাৱী ছাত্ৰীগৰাকীয়ে নাকচ কৰিছিল যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ ।

মোক ভাল নাপালে তোমাক গণ-ধৰ্ষণ কৰিম : যুৱকৰ ভাবুকিত আত্মহত্যা ছাত্ৰীৰ

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ছাত্ৰীগৰাকীক যুৱকজনে গণধৰ্ষণ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ ইয়াৰোপৰি, শেহতীয়াকৈ যুৱকজনে ছাত্ৰীগৰাকীৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ কৰা বুলিও অভিযোগ কৰিছে তেওঁৰ পৰিয়ালৰ লোকে ।

যুৱকৰ এই ভাবুকিৰ ঘটনাই গভীৰভাৱে চাপ পেলাই ছাত্ৰী গৰাকীৰ মনত ৷ অৱশেষত, উপায়হীন অনুভৱ কৰি দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে যুৱকজনৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিহপান কৰে ।

ছাত্ৰীগৰাকীয়ে বিহপান কৰা বুলি পৰিয়ালৰ লোকে গম পাই লগে লগে চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু সফল নহ’ল কন্যাৰ জীৱন ৰক্ষাৰ এই প্ৰচেষ্টা, মৃত্যুবৰণ কৰে ছাত্ৰীগৰাকীয়ে । সম্প্ৰতি, এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ধিং অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

এই জঘন্য ঘটনাৰ সৈতে জড়িত যুৱকজনক উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় লোকৰ লগতে বিদ্যালয় কৰ্তৃপক্ষয়ো । ঘটনাসন্দৰ্ভত ধিং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মুম্বাইত খহি পৰিল অট্টালিকা : 7 জন আঘাতপ্ৰাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.