ETV Bharat / crime

তিনিচুকীয়াৰ বাৰেকুৰিত ড্ৰাগছৰ চোৰাং বেহা - tinsukia barekuri drug seized case

তিনিচুকীয়াৰ বাৰেকুৰিত ড্ৰাগছৰ চোৰাং বেহা । সোমবাৰে নিশা সচেতন ৰাইজে আটক কৰিবলৈ সক্ষম হয় এগৰাকী ড্ৰাগছ সেৱনকাৰীক ।

as_tsn_drugs-seized-in-barekuri_img_as10027
তিনিচুকীয়াৰ বাৰেকুৰিত ড্ৰাগছৰ চোৰাং বেহা
author img

By

Published : May 11, 2021, 1:15 PM IST

তিনিচুকীয়া, 11 মে’ : তিনিচুকীয়াৰ বাৰেকুৰিত ড্ৰাগছৰ চোৰাং বেহা । তিনিচুকীয়া জিলাৰ বাৰেকুৰিস্থিত লেছেঙকাৰ দিচাউজান গাঁৱত সোমবাৰে নিশা ড্ৰাগছসহ এগৰাকী যুৱতীক স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৷ তথ্য অনুসৰি, বিগত কেইমাহমানৰ পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন গ্ৰামাঞ্চলসমূহত ড্ৰাগছৰ লগতে বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷ যাৰ বাবে নৱপ্ৰজন্মৰ লগতে বয়োজ্যেষ্ঠ বহু লোকে ইয়াৰ প্ৰতি আসক্ত হৈ পৰিছে ।

স্থানীয় ৰাইজে জনোৱা মতে, বিভিন্ন সময়ত ইয়াক বন্ধ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী কৰি আহিছে । তথাপিও এই পৰ্যন্ত বন্ধ কৰিবলৈ সক্ষম নহ'ল ড্ৰাগছৰ বেহা । কিন্তু সোমবাৰে নিশা স্থানীয় ৰাইজে ড্ৰাগছসহ এগৰাকী যুৱতীক হাতেলোটে ধৰিবলৈ সক্ষম হয় ।

আনহাতে, ঘটনাৰ খবৰ পোৱা কিছুসময়ৰ পাচতেই আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সন্দৰ্ভত সোধ-পোছ কৰে । স্থানীয় ৰাইজৰ মতে, যেতিয়ালৈকে আৰক্ষী প্ৰশাসনে ড্ৰাগছ ব্যৱসায় লগত জড়িত আন লোক সকলক আটক কৰি ৰাইজৰ সন্মুখত আনি নিদিয়ে তেতিয়ালৈকে যুৱতী গৰাকীক স্থানীয় ৰাইজৰ লগতে থকাটো বিচাৰে । কিন্তু কেইটামান মুহূৰ্তৰ পিছতে তিনিচুকীয়া জিলাৰ দণ্ডাধীশ নিলুৰাম শৰ্মাৰ উপস্থিতিত প্ৰশাসনৰ সহায়ত যুৱতী গৰাকীক তিনিচুকীয়া সদৰ থানালৈ প্ৰেৰণ কৰা হয় । আৰক্ষী প্ৰশাসনে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : নগাঁৱৰ ৰাজপথত উদ্ধাৰ অসহায় বৃদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.