ETV Bharat / crime

নলবাৰীত কাৰ্টনে কাৰ্টনে জব্দ নিচাযুক্ত দ্ৰৱ্য - সৰবৰাহকাৰী

নলবাৰীৰ মুকালমৱা বৰ্ণিবাৰীত কাৰ্টনে কাৰ্টনে জব্দ নিচাযুক্ত দ্ৰব্য ৷ উদ্ধাৰ হয় প্ৰায় ১০০০ টা নিচাজাতীয় ক’ফ চিৰাপৰ বটল ৷ এটা পৰিত্যক্ত ঘৰৰ ভিতৰত পুতি থোৱা আছিল নিচাজাতীয় দ্ৰব্য খিনি ৷

drugs-seized-at-nalbari
নলবাৰীত কাৰ্টুনে কাৰ্টুনে জব্দ নিচাযুক্ত দ্ৰৱ্য
author img

By

Published : Jun 23, 2021, 7:45 AM IST

Updated : Jun 23, 2021, 10:43 AM IST

নলবাৰী, 23 জুন : সমগ্ৰ ৰাজ্যজুৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযান ৷ অসম আৰক্ষীৰ ব্যাপক সাল-সলনিৰ পাচতে আৰক্ষী-প্ৰশাসন এক প্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে অবৈধ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰীসকলৰ ৷ দীৰ্ঘদিনৰ পৰা ৰাজ্যত ড্ৰাগছৰ ক’লা ব্যৱসায়ে যুৱ প্ৰজন্মক প্ৰভাৱিত কৰি অহাৰ সময়ত এতিয়া দৈনিক ৰঙা ঘৰৰ আলহী হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীৰ লগতে এতিয়া অধিক সজাগ হৈছে জনসাধাৰণ ।

নলবাৰীত কাৰ্টুনে কাৰ্টুনে জব্দ নিচাযুক্ত দ্ৰৱ্য

মাৰাত্মক নিচাজাতীয় দ্ৰব্য নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে ৰাইজ । এইবাৰ নলবাৰীৰ মুকালমৱা আৰক্ষীৰ অভিযানত কাৰ্টনে কাৰ্টনে জব্দ নিচাযুক্ত দ্ৰব্য ৷ গাঁতৰ পৰা কাৰ্টনে কাৰ্টনে উদ্ধাৰ নিচাযুক্ত বটলৰ ভাণ্ডাৰ । মুকালমুৱাৰ বৰ্ণিবাৰীত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ নিচজাতীয় দ্ৰব্য ।

উল্লেখ্য যে, এটা ৰইছুদ্দিন নামৰ লোক এজনৰ পৰিত্যাক্ত ঘৰ এটাৰ ভিতৰত পুতি থোৱা আছিল নিচাজাতীয় দ্ৰব্য খিনি ৷ খবৰ লাভ কৰি স্থানীয় ৰাইজৰ সহযোগত মুকালমুৱা আৰক্ষীয়ে উদ্ধাৰ কৰে নিচাজাতীয় দ্ৰব্য খিনি । অভিযানত উদ্ধাৰ হয় প্ৰায় ১০০০ টা নিচাজাতীয় ক’ফ চিৰাপৰ বটল । উদ্ধাৰ কৰা নিচাজাতীয় দ্ৰব্য খিনিৰ মূল্য প্ৰায় এক লাখ হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । কোনো দুষ্ট চক্ৰই পৰিত্যক্ত ঘৰটো ড্ৰাগছৰ বেহা কৰিবলৈ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক : দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক লৈ প্ৰত্যাহ্বান জনোৱা সকলো আবেদন নাকচ

Last Updated : Jun 23, 2021, 10:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.