ETV Bharat / crime

আধাৰশিলা স্থাপন হ’ল কিন্তু নিৰ্মাণ কামহে আৰম্ভ নহ’ল - দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলি

পকী দলং নিৰ্মাণৰ নামত খাৰুপেটীয়াত ঠিকাদাৰে আৰম্ভ কৰিছে মইমতালি । বিগত তিনিমাহে আৰম্ভ নহ'ল পকী দলং নিৰ্মাণৰ কাম ৷

dalgaon-broken-bridge
আধাৰশিলা স্থাপনৰ পিচতো তিনিমাহে খাৰুপেটীয়াত আৰম্ভ নহ'ল নিৰ্মাণৰ কাম
author img

By

Published : Feb 1, 2021, 8:04 PM IST

দলগাঁও, 1 ফেব্ৰুৱাৰী : পকী দলং নিৰ্মাণৰ নামত খাৰুপেটীয়াত ঠিকাদাৰে আৰম্ভ কৰিছে মইমতালি । বিগত তিনিমাহে আৰম্ভ নহ'ল পকী দলং নিৰ্মাণৰ কাম ৷ এই অভিযোগ ৰাইজৰ ৷ অভিযোগ অনুসৰি, খাৰুপেটীয়া আৰিমাৰি-শ্যামপুৰ সংযোগী একমাত্ৰ পথত খাৰুপেটীয়াৰ গাতে লাগি থকা কালাপানী নদীৰ ওপৰত দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা কাঠৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ বাবে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলীয়ে আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু ঠিকাদাৰে বিগত তিনিমাহে দলঙৰ কাম আৰম্ভ নকৰাত বৰ্তমান ক্ষোভিত হৈছে ৷

dalgaon-broken-bridge
দলং নিৰ্মাণ নকৰাৰ বাবে পথচাৰীৰ দুৰাবস্থা

ইফালে, দলঙখন সম্পূৰ্ণ নোহোৱাৰ বাবে পথচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ প্ৰদান কৰিছে ৷ নিৰ্মাণৰ নামত পূৰ্বৰ কাঠৰ দলঙখন ভাঙি দি যাতায়তৰ বাবে বিকল্প হিচাপে বাঁহৰ সাঁকোৰ পৰিৱৰ্তে ঠিকাদাৰে ৰেলিঙ দি দায়িত্ব সামৰে । যাৰবাবেই তীব্ৰ যানযটৰ সৃষ্টি হয় উক্ত অঞ্চলত ৷

উল্লেখযোগ্য যে, মহাবীৰ লাচিত চিলাৰায় সেঁতু নিৰ্মাণ অভিযান 18-19 বৰ্ষৰ শিতানত লোকনিৰ্মাণ বিভাগৰ মঙলদৈ আৰু দলগাঁও ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনস্থ খাৰুপেটীয়াৰ পৰা ইষ্টিমাৰ ঘাট পথলৈ যোৱা পথত পকী দলং নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰিছিল বিধায়ক ইলিয়াচ আলীয়ে ।

স্থানীয় লোকৰ মন্তব্য

লগতে পঢ়ক : বাজেটত কি কি থাকিব,কি কি নাথাকিব LIVE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.