লখিমপুৰ, ২২ আগষ্ট : লখিমপুৰ জিলাৰ কুলাবালিত দেওবাৰে পুৱতি নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি( robbery ) কাণ্ড । ডকাইতৰ দলটোৱে ঘৰৰ গৃহস্থক মাৰ-পিট কৰি লুটি নিলে বহু সা-সম্পত্তি । কুলাবালিৰ পৰমা মহন্তৰ ঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।
গৃহস্থই জনোৱা মতে, ডকাইতৰ দলটোৱে লুটি নিছে সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন । অভিযোগ অনুসৰি, মুখমণ্ডল সম্পূৰ্ণৰূপে ঢাকি অহা ডকাইতৰ দলটোৱে পৰিয়ালটোৰ বৃদ্ধ দম্পতীক গামোচাৰে বান্ধি লৈ প্ৰহাৰ কৰে । ডকাইতৰ দলৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে গৃহস্থ ৷
দেওবাৰে পুৱতি নিশা তিনি বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷
তিনিখন বিলাসী গাড়ী লৈ ৯ জনীয়া ডকাইতৰ দলটোৱে নিশা কুলাবালিৰ পৰমা মহন্তৰ ঘৰত প্ৰৱেশ কৰি ধন, সম্পত্তি বিচাৰি ঘৰখনৰ আচ-বাব লণ্ডভণ্ড কৰে । এতিয়া সমগ্ৰ অঞ্চলজুৰি এই ডকাইতি কাণ্ডটোক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে বগীনদী আৰক্ষীয়ে তীব্ৰ গতিত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে 100 দিনৰ চৰকাৰ বুলি প্ৰচাৰ চলাইছে !