নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: উত্তৰ প্ৰদেশত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । লক্ষ্ণৌৰ বিজেপি সাংসদ কৌশল কিশোৰৰ বোৱাৰীৰ আত্মহত্যাৰ চেষ্টা । সাংসদগৰাকীৰ বোৱাৰীয়ে ছ’চিয়েল মিডিয়াত এক ভিডিঅ' শ্বেয়াৰ কৰি স্বামীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে । ভূক্তভোগীগৰাকীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে উক্ত ভিডিঅ'টোত । সম্প্ৰতি এই ভিডিঅ'টো ব্যাপকভাৱে ভাইৰেল হৈছে । ইয়াৰ পাচতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সাংসদগৰাকীৰ পুত্ৰৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে । পৰৱৰ্তী সময়ত ভূক্তভোগী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি তেওঁৰ অৱস্থা সুস্থিৰ ৷
বিজেপি সাংসদ কৌশল কিশোৰৰ পুত্ৰ আয়ুশৰ পত্নীয়ে দেওবাৰে নিশা আত্মহত্যাৰ দৰে চৰম পথ গ্ৰহণ কৰে যদিও সকলো চেষ্টা বৃথা হয় । ভিডিঅ'টোত উল্লেখ কৰা অনুসৰি, আয়ুশৰ লগতে কোনেও তেওঁক ভাল নাপায়, প্ৰতাৰণা কৰিছে বুলি কয় । ইয়াৰ বাবে আয়ুশৰ পত্নীয়ে আয়ুশৰ পিতৃ-মাতৃকো দোষাৰোপ কৰিছিল ।
লগতে পঢ়ক: এনএলএফটি প্ৰধান পৰিমল দেৱবাৰ্মাক ত্ৰিপুৰালৈ প্ৰেৰণ