চতিয়া, ৬ এপ্ৰিল : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বৰভগীয়া নিবাসী যুৱ সমাজকৰ্মী তথা পূৱ শোণিতপুৰ বিজেপি দলৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি নিষ্ঠাবান বিজেপি কৰ্মী ৰাহুল জৈনৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে জামুগুৰিহাট ৷ উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্ৱে অৰ্থাৎ ২৫ মাৰ্চৰ দিনা চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয়ৰপৰা বাইকেৰে ঘৰলৈ বুলি ওভতাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কোনো দুষ্কৃতিকাৰীয়ে পিছফালৰপৰা ৰডেৰে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হোৱা ৰাহুল জৈনক তেজপুৰ আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল ৷
সংজ্ঞাহীন হৈ থকা ৰাহুল জৈনে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তে সোমবাৰে নিশা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ মঙলবাৰে দিনৰভাগত ৰাহুলৰ নশ্বৰ দেহ জামুগুৰিহাটলৈ লৈ অনাৰ পিছতেই অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে তেওঁৰ নশ্বৰ দেহটোক শেষ শ্ৰদ্ধাঞ্জলী জনাই সমগ্ৰ জামুগুৰিহাটৰ কেন্দ্ৰস্থল শেষবাৰৰ বাবে পৰিভ্ৰমণ কৰায় ৷
এই অন্তিম যাত্ৰাত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি বিজেপিৰ কেবাগৰাকীও জিলা পৰ্যায়ৰ বিষয়ববীয়ায়ো অংশগ্ৰহণ কৰে ৷ ৰাহুল জৈনৰ এই মৃত্যুত বিধায়ক পদ্ম হাজৰিকাই গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ বাবে কৰণীয় সকলো কাম কৰিবলৈ প্ৰস্তুত বুলিও উল্লেখ কৰে ৷
লগতে পঢ়ক-উৰাবাতৰি : ধুবুৰীৰ গুটিপাৰা ভোটকেন্দ্ৰত উত্তেজনা, স্থগিত ভোটগ্ৰহণ !