ETV Bharat / crime

টকা মেইন : এইবাৰ ৰাজস্থানীৰ হাতত কিশোৰীক বিক্ৰী কৰিলে খুৰীয়েকে

author img

By

Published : Aug 17, 2021, 4:45 PM IST

মাত্ৰ কেইটামান ধনৰ বাবেই ৰাজস্থানৰ এগৰাকী ৪০/৪৫ বছৰীয়া লোকৰ ওচৰত বিবাহৰ বয়স নোহোৱা কিশোৰীক বিক্ৰী কৰাৰ অভিযোগ ৷ এই অভিযোগ উত্থাপিত হৈছে খোদ কিশোৰী গৰাকীৰ খুৰীয়েকৰ বিৰুদ্ধে ৷ জানো আহক ক’ত কেনেকৈ সংঘটিত হৈছে এই ঘটনা ৷

aunt sold  own minor niece to aged guy
টকা মেইন : এইবাৰ ৰাজস্থানৰ লোকৰ হাতত কিশোৰীক বিক্ৰী কৰিলে খুৰীয়েকে

ৰঙিয়া, 17 আগষ্ট : পিতৃ-মাতৃৰ অবৰ্তমানত আত্মীয়ৰ হাতত নিৰ্যাতিত বহুতেই শৈশৱ-কৈশোৰ তীব্ৰ যান্ত্ৰণাৰ মাজেৰে পাৰ কৰা আমি প্ৰায়েই দেখা পাওঁ ৷ এনে ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাও সততে আমাৰ চকুত পৰে ৷ ঠিক অনুৰূপ ধৰণৰ এক ঘটনাই এতিয়া স্বাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত ৷ পিতৃ-মাতৃহীন এগৰাকী কিশোৰীক কেৱলমাত্ৰ কেইটামান ধনৰ বিনিময়ত বহিঃৰাজ্যৰ লোকৰ হাতত বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে ৷

খোদ ভুক্তভোগী কিশোৰী গৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে এই অভিযোগ উত্থাপন কৰিছে ৷ খুড়ীয়েক কল্যাণী দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে কিশোৰী বিক্ৰীৰ গুৰুতৰ অভিযোগ ৷ এই অভিযোগ অনুসৰি, কল্যাণী দাস নামৰ মহিলাগৰাকীয়ে নিজৰ ভতিজী কিশোৰী গৰাকীক পৰিয়ালৰ অন্য সদস্যক নজনোৱাকৈ একমাত্ৰ ধনৰ লালসাত ৰাজস্থানৰ এগৰাকী ৪০/৪৫ বছৰীয়া লোকৰ ওচৰত বিক্ৰী কৰিছে ।

ভুক্তভোগী কিশোৰীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে সংবাদ মাধ্যমৰ আগত পিতৃ-মাতৃহীনা কিশোৰী গৰাকীক ধনৰ বাবেই ৰাজস্থানৰ এগৰাকী লোকৰ হাতত বিক্ৰী কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে । জ্যেষ্ঠ ভগ্নী গৰাকীৰ অভিযোগ অনুসৰি আৰ্থিকভাৱে পিছপৰা হোৱা স্বত্তেও কল্যাণী দাস নামৰ মহিলা গৰাকীয়ে অলপতে একেদিনাই কেইবাবিধো বিলাসী সামগ্ৰী ক্ৰয় কৰিছে ৷

একেদিনাই ইমানকেইবিধ বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ বাবে ধন তেওঁ নিজৰ ভতিজা ছোৱালী গৰাকীক ৰাজস্থানৰ লোকজনক বিক্ৰী কৰি আহৰণ কৰা বুলিও অভিযোগ কৰিছে ৷

ইফালে, এই সন্দৰ্ভত জ্যেষ্ঠ ভগ্নী তথা কিশোৰী গৰাকীৰ আত্মীয় সকলে আৰক্ষীৰ ওচৰ চাপিছে ৷ অৱশ্যে, আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে নিৰুদ্দেশ হোৱা কিশোৰী গৰাকীৰ জ্যেষ্ঠ ভগ্নী তথা আত্মীয় সকলে ৷ ঘটনাৰ অনুসন্ধানৰ বাবে আৰক্ষীয়ে প্ৰথমে দহদিনৰ সময় লৈ এতিয়া কিশোৰী গৰাকীৰ আত্মীয়ক ঘটনা সন্দৰ্ভত কোনো তথ্য দিব নোৱাৰি দুৰ্ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ কৰিছে কিশোৰী গৰাকীৰ আত্মীয়ই ৷

লগতে পঢ়ক : মেঘালয়ত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.