ETV Bharat / crime

অবৈধ নিচাযুক্ত দ্ৰব্য বনাম অসম আৰক্ষী: কেতিয়া নিয়ন্ত্ৰণ হ’ব অপৰাধ ?

author img

By

Published : Oct 26, 2021, 9:08 PM IST

Updated : Oct 26, 2021, 10:59 PM IST

নগাঁৱৰ কেন্দুগুৰিৰ পৰা গাঞ্জা সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিলে আৰক্ষীয়ে ৷

assam police on mission against ganja
অবৈধ নিচাযুক্ত দ্ৰব্য বনাম অসম আৰক্ষী: কেতিয়া নিয়ন্ত্ৰণ হ’ব অপৰাধ ?

চামগুৰি, 26 অক্টোবৰ : অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ এনে সময়তে নগাঁও জিলাত পৰিলক্ষিত হৈছে আৰক্ষীৰ বিশেষ তৎপৰতা ৷ অৱশ্য ইয়াৰ মাজতো সক্ৰিয় হৈ আছে অবৈধ নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰী চক্ৰ ৷ শেহতীয়াকৈ, নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটৰৰ নেতৃত্বত আৰক্ষীয়ে চলাই এক বিশেষ অভিযান ৷

এই অভিযানত চহৰখনৰ পাৰ্শ্ববৰ্তী অঞ্চল কেন্দুগুৰিৰ পৰা বৃহৎ সংখ্যক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত কেন্দুগুৰিৰ ছৰিফুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে ৭ কিলোগ্ৰামৰো অধিক গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে ছৰিফুল ইছলামক এই সন্দৰ্ভত ইতিমধ্যে আটক কৰিছে ।

আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীয়ে জনোৱামতে, ধৃত লোকজনে নগাঁও জিলাত গাঞ্জা সৰবৰাহৰ অন্যতম মূল ব্যক্তি হিচাপে দায়িত্ব পালন কৰি আছিল । মন কৰিব লগীয়া বিষয় যে, বিগত কেইবা মাহেও আৰক্ষীয়ে নিৰবিচ্ছিন্ন ভাৱে অভিযান চলাই আছে যদিও সম্পূৰ্ণ হোৱা নাই অবৈধ মাদক দ্ৰব্যৰ বেহা ৷ অনাগত সময়ত এনেধৰণৰ অপৰাধ আৰক্ষীয়ে কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

Last Updated : Oct 26, 2021, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.