ETV Bharat / crime

BJP ৰ পালি নেতাৰ গুণ্ডাগিৰি, দোকানত কাম কৰা যুৱকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন

বিজেপি পালি নেতাৰ গুণ্ডাগিৰি । দোকানৰ কৰ্মচাৰীক প্ৰহাৰ কৰি মালিককো প্ৰাণে মৰাৰ ভাবুকি দি বিপদত নেতা ৷

author img

By

Published : Nov 14, 2021, 5:13 PM IST

allegation-against-bjp-worker-of-physical-abuse-with-shop-worker
দোকানত কাম কৰা যুৱকৰ ওপৰত বীৰত্ব প্ৰকাশ বিজেপিৰ পালি নেতাৰ

যোৰহাট, 14 নবেম্বৰ : যোৰহাট চহৰৰ কচুৰীগলিত সংঘটিত হোৱা এক মাৰ পিটৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । " নীলকণ্ঠ ষ্টৰ " নামৰ এখন দোকানত সংঘটিত হয় এই ঘটনা । "নীলকণ্ঠ ষ্টৰ"ৰ কৰ্মচাৰীক সম্মুখতে থকা আন এখন দোকানৰ স্বত্বাধিকাৰী জনৈক গুপ্তা নামৰ লোকজনে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । গ্ৰাহকৰ সন্মুখতেই এনে ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰিছে ভুক্তভোগীয়ে ।

ফটকা, ফুলজাৰী চুৰি কৰাৰ দোষ জাপি দি ব্যক্তিগৰাকীয়ে এনে কাৰ্য কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । কেৱল ইমানেই নহয় অভিযোগ মতে, আক্ৰমণকাৰী লোকজনে 'নীলকণ্ঠ ষ্টৰ'ৰ স্বত্বাধিকাৰী জনকো প্ৰহাৰ কৰাৰ লগতে মৃত্যুৰ ভাবুকিও দিছে । এই সমগ্ৰ ঘটনা বন্দী হৈছে চি চি কেমেৰাত । ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে দোকানখনৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰীজনে ।

মন কৰিব লগীয়া বিষয় যে, এই ঘটনাৰ অভিযুক্তজন যোৰহাট পৌৰসভাৰ ৱাৰ্ডমেম্বাৰ তথা বিজেপি দলৰ এজন পালিনেতা ৷ ঘটনাৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব ৷ কিন্তু শাসকীয় দলটোৰ কৰ্মী এনে ঘটনাৰ সৈতে জড়িত হোৱাৰ অভিযোগত উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : Ogran trafficking : ভূৱা পৰিচয়ৰে কিডনী সৰবৰাহত জড়িত চিকিৎসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.