বঢ়মপুৰ, 17 জুন : মহানগৰীৰ হাতীগাঁৱৰ দুজন যুৱকৰ অপহৰণ কাণ্ডৰ লগত জড়িত মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হাতীগাঁও আৰক্ষী । উল্লেখ্য যে, চলিত বৰ্ষৰ ১১ জানুৱাৰীত হাতীগাঁৱৰ নেৱাজ আলী আৰু ৰকিবুল ইছলাম নামৰ দুই যুৱকক ফোন কৰি গুলজাৰ হুছেইন নামৰ এজন বন্ধুৱে নগাঁৱলৈ মাতিছিল । তাৰ পাছতে নগাঁৱৰ পৰা নিৰুদ্দেশ হৈছিল দুই যুৱক ।
জানিব পৰা মতে, এটা বৃহৎ চক্ৰই ব্ৰহ্মপুত্ৰৰ বালিচৰত যুৱক দুজনক বন্দী কৰি ৰাখি ১৫ লাখ টকাৰ মুক্তিপণ বিচাৰিছিল । আৰক্ষীয়ে সদৰী কৰা অনুসৰি, প্ৰথম অৱস্থাত অপহৰণকাৰীক এক লাখ টকা দিছিল আত্মীয়ই । কিন্তু প্ৰায় দহদিন হোৱাৰ পিচত আৰক্ষীৰ তালাচীৰ উমান পাই যুৱক দুজনক এৰি দিছিল অপহৰণকাৰীয়ে । সমগ্ৰ ঘটনাটোৱে সৃষ্টি কৰিছিল তীব্ৰ ৰহস্যৰ ।
অৱশেষত হাতীগাঁও আৰক্ষীয়ে তদন্ত চলাই অপহৰণ কাণ্ডটোৰ লগত জড়িত অভিযুক্ত গুলজাৰ হুছেইনক নগাঁৱৰ কচুৱাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, গুলজাৰ হুছেইন, নেৱাজ আলী আৰু ৰকিবুল ইছলামৰ মাজত বহিঃৰাজ্যত কৰ্মসূত্ৰে গঢ় লৈ উঠিছিল বন্ধুত্ব । সেই বন্ধুত্বই এটা সময়ত পৰিণত হয় অপহৰণৰ দৰে অপৰাধলৈ ।
লগতে পঢ়ক: পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !