ETV Bharat / crime

অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা 17 জনকৈ যুৱকক উদ্ধাৰ আৰক্ষীৰ - তিনিচুকীয়া জিলা

তিনিচুকীয়াত মানৱ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত তিনি যুৱকক আটক কৰে আৰক্ষীয়ে ৷ সৰবৰাহকাৰী কেইটাৰ কবলৰ পৰা ১৭জনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

3Persons Arrested By Police At Sadia
অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা 17 জনকৈ যুৱকক উদ্ধাৰ আৰক্ষীৰ
author img

By

Published : Apr 30, 2021, 4:56 PM IST

শদিয়া, 30 এপ্ৰিল: এক গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়া জিলাৰ আৰক্ষীৰ উপ পৰিদৰ্শক কপিল চন্দ্ৰ দাসৰ নেতৃত্বত শুকুৰবাৰে আৰক্ষীৰ এটা দলে তালাপ অঞ্চলত এক অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত তালাপ অঞ্চলৰ লাইনা গাঁৱৰ পৰা সঞ্জীৱ ওৰফে পাইকু সোনোৱাল, শদিয়াৰ চেংছাপ গাঁৱৰপুতুল চাবুকধৰা আৰু শিৱসাগৰৰ নেমুগুৰিৰ মহখুলী চাহ বাগিচাৰ পৰা প্ৰাণজিৎ দুৱাৰা নামৰ তিনিজনকৈ লোকক মানৱ সৰবৰাহৰ অভিযোগত আটক কৰে আৰক্ষীয়ে ৷

অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা 17 জনকৈ যুৱকক উদ্ধাৰ আৰক্ষীৰ

উল্লেখ্য যে, ধৃত লোক কেইজনে তিনিচুকীয়াৰ চামগুৰি আৰু গাখীৰভেটী গাঁৱৰ 17 জনকৈ যুৱকক বিভিন্ন প্ৰলোভন দি অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত আবদ্ধ কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে ৷

অৱশেষত স্থানীয় দল-সংগঠনৰ লগতে ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱককেইজনক ৷ যোৱা 4 জানুৱাৰীত ধৃত সৰবৰাহকাৰী কেইজনে তালাপৰ চামগুৰি গাঁৱৰ পৰা অৰণাচলৈ লৈ গৈছিল যুৱক কেইজনক ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.