ETV Bharat / city

তিনিচুকীয়াৰ কলিয়াপানী ঘাটত গা ধুবলৈ গৈ সলিল সমাধি দুই যুৱকৰ

author img

By

Published : Aug 20, 2022, 8:44 PM IST

Updated : Aug 20, 2022, 10:08 PM IST

এক হৃদয় বিদাৰক ঘটনা । তিনিচুকীয়াত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুই যুৱকৰ (Youths died while bathing Tinsukia) । নিহত যুৱকদ্বয় ক্ৰমে তিনিচুকীয়া বৰগুৰিৰ মাধুৰ্য কলিতা (23) আৰু ৰিশৱ গোহাঁই (23) বুলি জানিব পৰা গৈছে ৷

Youths died while bathing Tinsukia
Etv তিনিচুকীয়াৰ কলিয়াপানী ঘাটত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুই যুৱকৰ

তিনিচুকীয়া, 20 আগষ্ট : তিনিচুকীয়াত অঘটন ৷ শনিবাৰে শনি লাগিল তিনিচুকীয়াৰ নতুন গাঁও কলিয়াপানী ঘাটত ৷ কলিয়াপানী ঘাটত গা ধুবলৈ গৈ ডিব্ৰু নদীত সলিল সমাধি ঘটে দুজন যুৱকৰ (Youths died while bathing Tinsukia)। যুৱকদ্বয় ক্ৰমে তিনিচুকীয়া বৰগুৰিৰ মাধুৰ্য কলিতা (23) আৰু ৰিশৱ গোহাঁই (23) বুলি জানিব পৰা গৈছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, তিনিচুকীয়াৰ নতুন গাঁও কলিয়াপানী ঘাটত গা ধুবলৈ আহিছিল মাধুৰ্য আৰু ৰিশৱ ৷ কিন্তু দুয়োকে স্থানীয় ৰাইজে গা নুধুবলৈ বাধা প্ৰদান কৰিছিল ৷ স্থানীয় ৰাইজৰ বাধা নামানি দুয়ো যুৱকে নৈত গা ধুবলৈ নামি যায় ৷

তিনিচুকীয়াৰ কলিয়াপানী ঘাটত গা ধুবলৈ গৈ সলিল সমাধি দুই যুৱকৰ

যুৱকদ্বয়ে গমেই পোৱা নাছিল যে, নৈৰ ঘাটত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল নিশ্চিত মৃত্যুৱে ৷ নিমিষতে নৈৰ সোঁতে দুয়ো যুৱকক উটোৱাই নিয়াৰ উপক্ৰম ঘটে (Youths drowns in Tinsukia) ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত এজন যুৱকক মূমূৰ্ষ অৱস্থাত ডিব্ৰু নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আনকি স্থানীয় ৰাইজে ততাতৈয়াকৈ যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ আনহাতে, ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষী তথা প্ৰশাসনৰ লোকক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ লগতে SDRF ৰ এটা বাহিনী উপস্থিত হৈ ডিব্ৰু নদীৰ পৰা নিৰুদ্দিষ্ট আনজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, বিগত সময়চোৱাত ডিব্ৰু নদীত গা ধোঁৱলৈ গৈ বহু লোকৰ মৃত্যু হৈছে । শনিবাৰে পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি ঘটাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক : Mishap During Holi in Jorhat: যোৰহাটৰ ভোগদৈ নদীত যুৱকৰ সলিল সমাধি

Last Updated : Aug 20, 2022, 10:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.