তিনিচুকীয়া, 21 আগষ্ট : ব্ৰিটিছৰ শাসন কালত চাহ শ্ৰমিকক শোষণ আৰু অত্যাচাৰ কৰি দিনে-নিশাই চাহ বাগিচাৰ বিভিন্ন কামত লগোৱা হৈছিল । সেয়া আছিল অতীত । কিন্তু, পুনৰ একে ঘটনাই ঘটিল ৰাজ্যত ।
এইবাৰ ঘটনাৰ স্থান চাহ নগৰী ৰূপে খ্যাত তিনিচুকীয়া জিলাৰ ডুমডুমা । ডুমডুমাৰ চুক্ৰেটিং চাহ বাগিচাৰ পৰিচালকে শ্ৰম আইন উলংঘা কৰি নিশা 8 বজালৈকে প্ৰায় দুই শতাধিক মহিলা শ্ৰমিকক চাহপাত চিঙা কামত লগালে । এই অভিযোগ চাহ বাগিচাৰ শ্ৰমিকৰ (Strange incident happened in Tinsukia) ৷
এই ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ডুমডুমাবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
উল্লেখ্য যে পুৱা প্ৰায় 7 বজাৰ পৰা চাহ বাগিচাত কামত নিয়োজিত হোৱা চাহ শ্ৰমিকক ছুটী দিয়া হয় আবেলি 4 বজাত । কিন্তু শনিবাৰে চুক্ৰেটিঙত সেয়া নহ'ল । চাহ বাগিচা কৰ্তৃপক্ষই ছুটীৰ বাবে নিৰ্দেশ নিদিয়াত পুৱা প্ৰায় 7 বজাৰ পৰা নিশা ৮ বজালৈকে চাহ শ্ৰমিকে চিঙিলে কেঁচা পাত (women laborers engaged in plucking leaves Till 8 pm in Tinsukia)।
উপায়ন্তৰ হৈ বাগিচাখনৰ 14 নম্বৰ শাখাত (section) মহিলা শ্ৰমিকসকলে একত্ৰিত হৈ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আনকি এই প্ৰতিবাদস্থলীৰ পৰাই চাহ শ্ৰমিকৰ ওপৰত কৰা এনে কৰ্মৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।
অৱশ্যে কিছু সময়ৰ অন্তত ডুমডুমা আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি দত্তই বাগিচাখনত উপস্থিত হৈ শ্ৰমিকসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি শান্ত হোৱাত শ্ৰমিকসকলে ঘৰলৈ উভতি যায় ।
এতিয়া প্ৰশ্ন হয়, শ্ৰমিকৰ ওপৰত বাগিচাৰ মালিকে চলোৱা ব্ৰিটিছৰ দৰে শাসন ব্যৱস্থাৰ বিৰুদ্ধে বিভাগীয় মন্ত্ৰী তথা বিষয়ববীয়া তথা শ্ৰমিক সংগঠন অসম চাহ মজদুৰ সংঘই (ACMS) কি ব্যৱস্থা গ্ৰহণ কৰিব ?
লগতে পঢ়ক : ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা