ETV Bharat / city

পেৰাগ্লাইডিং কৰা যুৱকৰ মৃত্যুৰ পিছত বিতৰ্কিত Skyland resort ৰ সৈতে সাঙোৰ খালে বিধায়কৰ নাম - Skyland resort Tinisukia in controversy

শেহতীয়াকৈ, তিনিচুকীয়াৰ গুইজানৰ সমীপৰ ডিব্ৰু নদীৰ পাৰত অস্থায়ীভাৱে স্থাপন কৰা স্কাইলেণ্ড নামৰ ৰিজ’ৰ্টখনত পেৰাগ্লাইডিং কৰি নিহত হৈছিল এজন যুৱক (Youth dies after falling from paraglider in Tinsukia) ৷ ইয়াৰ পিছতে বিতৰ্কিত ৰিজৰ্টখনৰ সৈতে নাম সাঙোৰ খাইছে চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা আৰু তেওঁৰ ভাতৃ অসম পৰ্য্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ ৷

Skyland resort Tinisukia in controversy  after Youth dies falling from paraglider
পেৰাগ্লাইডিং কৰা যুৱকৰ মৃত্যুৰ পিছত বিতৰ্কিত Skyland resort ৰ সৈতে সাঙোৰ খালে বিধায়কৰ নাম
author img

By

Published : Jan 30, 2022, 9:20 PM IST

তিনিচুকীয়া, 30 জানুৱাৰী : বিগত 26 জানুৱাৰী তাৰিখে গুইজানৰ সমীপৰ ডিব্ৰু নদীৰ পাৰত অস্থায়ীভাৱে স্থাপন কৰা স্কাইলেণ্ড নামৰ এখন ৰিজ’ৰ্ট (Skyland resort in Tinsukia) ত পেৰাগ্লাইডিং কৰি থকাৰ সময়ত প্ৰাণ হেৰুৱাইছিল লক্ষীমপুৰ জিলাৰ নাওবৈছাৰ যুৱক পংকজ গগৈয়ে (Youth dies after falling from paraglider in Tinsukia) ৷

পেৰাগ্লাইডিং কৰা যুৱকৰ মৃত্যুৰ পিছত বিতৰ্কিত Skyland resort ৰ সৈতে সাঙোৰ খালে বিধায়কৰ নাম

অভিযোগ মতে, কোনো ধৰণৰ চিকিৎসা সেৱা তথা সা-সুবিধা নথকা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেনচেটিভ জ'নত সম্পূৰ্ণ অবৈধভাৱে ৰাজনৈতিক দলৰ সহায় লৈ সঞ্জয় দাস আৰু প্ৰসন্ন দাসে গঢ়ি তুলিছিল স্কাইলেন্ড নামৰ এই ৰিজ’ৰ্টখন ।

পেৰাগ্লাইডিং কৰি থকাৰ সময়ত পংকজ গগৈৰ মৃত্যুৰ পাছতেই তিনিচুকীয়া জিলা প্ৰশাসনে অতি ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে ৷ ইতিমধ্যে, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতিক এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ পাছতেই কাকতিৰ সন্মুখত বিভিন্ন জনে সাক্ষী দিয়ে । অভিযোগ অনুসৰি স্কাইলেন্ডত পূৰ্বতেও এনেধৰণৰ বহু কেইটা ঘটনা সংঘটিত হৈছিল ।

বহুবাৰ এইক্ষেত্ৰত লিখিত অভিযোগো দিয়া হৈছিল প্ৰসাশন আৰু চৰকাৰী মন্ত্ৰীক । ইফালে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘইও এখন সংবাদমেল সম্বোধন কৰি ৰিচৰ্ট খন বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছিল । কিন্তু ৰহস্যজনকভাৱে এইপৰ্যন্ত কোনো ব্যবস্থা লোৱা নাই প্ৰসাশন আৰু চৰকাৰী বিষয়াই ৷ তথ্য অনুসৰি স্কাইলেণ্ডৰ ধনৰ অংশ চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা আৰু তেওঁৰ ভাতৃ অসম পৰ্য্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাইও ভাগ পায় বুলি গুৰুতৰ অভিযোগ তুলিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ।

একাংশৰ মতে, সঞ্জয় দাস আৰু প্ৰসন্ন দাস, বিধায়ক বিনোদ হাজৰিকাৰ সোঁহাত-বাওঁহাত স্বৰূপ হোৱাৰ বাবে নিৰ্ভয়ে এই ৰিজ’ৰ্টখনত ব্যৱসায় চলাই আছিল । যাৰ বাবে ৰাজনৈতিক আশীষ হোৱাৰ বাবে আজিলৈকৈ প্ৰসাশনে এই দুইজনক বাধা দিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন কৰিছে একাংশই ।

এতিয়া প্ৰশ্ন হয় অবৈধভাৱে ব্যৱসায় চলাই নিয়া স্কাইলেণ্ডক নাকী লগাব পাৰিবনে? স্কাইলেণ্ডত মৃত্যু হোৱা পংকজ গগৈয়ে উচিত ন্যায় পাবলৈ সক্ষম হ’বনে? ই পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক : প্ৰবীণ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.